অন্য এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে৷ এগৰাকী চুবুৰীয়াই ভাবী স্বামীলৈ আপত্তিজনক ফ’টো প্ৰেৰণ কৰাৰ পিছতে আত্মহত্যা কৰিছে এগৰাকী যুৱতীয়ে৷
এই কৰুণ ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ লখিমপুৰ জিলাৰ খেৰীত৷ ঘটনাৰ বিৱৰণীৰ মতে এগৰাকী যুৱতীৰ চুবুৰীয়া ৰবিপ্ৰকাশ নামৰ এজন যুৱকে যুৱতীগৰাকীৰ ভাবী স্বামীলৈ আপত্তিজনক ফ’টো প্ৰেৰণ কৰে৷
কেৱল ইমানেই নহয়, যুৱকজনে যুৱতীগৰাকীৰ আপত্তিজনক ফ’টোসমূহ সামাজিক মাধ্যমতো ভাইৰেল কৰে৷
আপত্তিজনকসমূহ ফ’টো ভাবি স্বামীয়ে লাভ কৰা আৰু সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে ভাবী স্বামীয়ে পৰিয়ালৰ লোকক প্ৰদৰ্শন কৰি বিবাহ ভংগ কৰে৷
লগতে পঢ়ক একেটা পৰিয়ালৰে দুই শিশুসহ ৬ গৰাকী লোকৰ ৰহস্যজনক মৃত্যু!
এই ঘটনাটো সহ্য কৰিব নোৱাৰি যুৱতীগৰাকীয়ে নিজৰ কোঠাৰ ভিতৰত ডিঙিত চিপ লৈ আত্মহত্যা কৰে৷
বৃহস্পতিবাৰে পুৱা যুৱতীগৰাকীক চিলিং ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে৷ ইয়াৰ পাছতে ঘটনাৰ সন্দৰ্ভত আৰক্ষীক খবৰ দিয়া হয় আৰু আৰক্ষী উপস্থিত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷
আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত অভিযুক্ত ৰবিপ্ৰকাশ নামৰ যুৱকজনৰ বিৰুদ্ধে গোচৰ ৰুজুৰ কৰি তদন্ত আৰম্ভ কৰিছে৷
ইফালে ভাতৃ ৰাজাৰামে প্ৰকাশ পৰা মতে কিছুদিন পূৰ্বে অভিযুক্তই ভুক্তভোগী যুৱতীগৰাকীৰ চ’ছিয়েল মিডিয়াৰ ID চুৰি কৰি ফ’টোবোৰ সংগ্ৰহ কৰি ফ’টো মৰ্ফ কৰি অশ্লীল ফ’টো সজাইছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ