অসম লাইভ২৪ঃ বলীউডত এই মুহূৰ্তত আটাইতকৈ চৰ্চিত অভিনেত্ৰী হৈ পৰিছে অমিশা পেটেল। অমিশা পেটেল চৰ্চালৈ অহাৰ প্ৰধান কাৰণ হৈছে গদৰ-২ৰ সাফল্য। ২০০১ চনত মুক্তিলাভ কৰিছে অনিল শৰ্মা পৰিচালিত গদৰ-২য়ে। প্রথম ছবিৰ মুক্তিৰ ২২ বছৰ পাছত ১১ আগষ্টত মুক্তি লাভ কৰিছে গদৰ-২য়ে। প্রথম সপ্তাহতেই ছবিখনে বক্স অফিচত ১০০ কোটিৰ সীমা পাৰ কৰিবলৈ সক্ষম হৈছিল। দ্বিতীয় সপ্তাহত ৩০০ কোটিৰ ব্যৱসায় কৰিছে ছবিখনে। তৃতীয় সপ্তাহত ছবিখনে প্ৰায় ৫০০ কোটিৰ সীমা প্ৰায় চুইছেগৈ। বক্স অফিচৰ হিচাপত শ্বাহৰুখৰ পাঠান, আমিৰ খানৰ দঙ্গল আৰু ছলমান খানৰ বজৰংগী ভাইজান, কেজিএফ-২ ৰ ৰেকৰ্ড ভাঙিবলৈ সক্ষম হৈছে গদৰ-২য়ে।
গদৰ-২ ৰ সফলতাই আত্মবিশ্বাস ওভতাই দিছে অমিশা পেটেলকো। বলীউডৰ পৰা প্ৰায় আঁতৰি যোৱা অমিশাই এই ছবিৰ পাছতেই বলীউডত পুনৰ কাম কৰিবলৈ আগ্ৰহী হৈ উঠিছে। গদৰ-৩ ও পুনৰ নিৰ্মাণ কৰিব নেকি পৰিচালকে? এই ছবিত আকৌ এবাৰ অমিশাক দেখা যাব নেকি? এইসমূহ কথাৰ উত্তৰ দিছে অমিশাই। ‘গদৰ’ৰ জড়িয়তে দেশবাসীৰ মনত বিশেষ সাঁচ বহুওৱা অভিনেত্ৰীগৰাকীৰ এই ছবিৰ পাছত বিগত ২২ বছৰে বিশেষ কোনো চৰ্চিত ছবি নাই। বলীউডৰ পৰা একপ্ৰকাৰে প্ৰায় হেৰাই যোৱা অভিনেত্ৰীয়ে এইবাৰ ‘গদৰ-২’ ৰ জৰিয়তে ছবিত প্ৰত্যাবৰ্তন কৰিছে। গদৰ সেই দিশেৰে অমিশাৰ বাবে লাকী। প্ৰযোজকে এই সফলতাৰ বাবে গদৰ-৩ নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে আৰু সেই ছবিত অমিশা, ছানী দেওলেই মুখ্য চৰিত্ৰ ৰূপায়ন কৰিব নেকি? এই বিষয়টো চৰ্চাত আছে। অমিশাই এই সন্দৰ্ভত দিয়া এক সাক্ষাৎকাৰত কয়, ‘গদৰ-২ ছবিত তাৰা সিং আৰু শাকিনাক তুলনামূলকভাৱে কম সময়ৰ বাবে দৰ্শকে দেখিছে। আমি অভিনেতা। আমাৰো কিছু চৰ্ত থাকে।’ অমিশাৰ কি এই চৰ্ত বুলিও সাক্ষাৎকাৰটোত সোধা হৈছিল। অমিশাই এই সন্দৰ্ভত কয়, ‘গদৰ-২ৰ দৰে গদৰ-৩ তো যদি স্ক্ৰিণটাইম কম হয় তেন্তে এই ছবি কৰিবলৈ মই ৰাজী নহয়। টাইটানিক ছবি দেখুৱাই যদি লিঅ’নাৰ্ডো ডিক্যাপিও আৰু কেট উইন্সলেটকেই দৰ্শকে চাব বিচাৰিব। অন্যক দেখুৱাই থাকিলে দৰ্শক জানো আকৰ্ষিত হ’ব।’
বলীউডলৈ প্ৰত্যাবৰ্তন কৰি আকৌ এবাৰ হৃতিক ৰোশনৰ সৈতে ছবি কৰিবলৈ আগ্ৰহী বুলি জনাইছে অমিশাই। ২০০০ চনত , ‘ক’হ না প্যায় হে’ ছবিত মুখ্য চৰিত্ৰত কাম কৰি বলীউডলৈ আহিছিল অমিশা। প্রথম ছবিতেই দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল অমিশাই। এই ছবিখনত হৃতিক ৰোশন মুখ্য অভিনেতাৰ চৰিত্ৰত আছিল। শেহতীয়াকৈ অমিশাই সেই সময়ৰ কথাবোৰ সোঁৱৰি পুনৰ তেনেধৰণে আকৌ কাম কৰিবলৈ আগ্ৰহী হৈ উঠিছে। সুযোগ পালে আকৌ এবাৰ হৃতিক ৰোশনৰ সৈতে কাম কৰাৰ মন আছে বুলিও জনাইছে অমিশা পেটেলে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















