বসন্তৰ পিছতে লাহেকৈ গ্ৰীষ্ম আহিব৷ উচ্চ বিত্ত তথা চেলিব্ৰেটি মানুহৰ বাবে গ্ৰীষ্ম মানেই সাগৰীয় পাৰ৷ অৰ্থাৎ বীচ্চত জীৱনৰ মাধুৰ্য উদযাপন৷
অসমৰ জীয়াৰী তথা দেশৰ বিখ্যাত মডেল মিলিন্দ চুমনৰ পত্নী অংকিতা কোঁৱৰেও বসন্ততে বীচ্চত বন্ধ দিন উদযাপন কৰিলে৷ কিন্তু বীচ্চৰ পাৰত বন্ধ দিন উদযাপন কৰিবলৈ যাওঁতে অংকিতাই নিজৰ চানগ্লাছ নিবলৈ পাহৰিলে৷ যাৰবাবে অংকিতাই কিছু অথন্তত ভুগিবলগীয়া হয়৷
অৱশ্যে, চানগ্লাছ নিবলৈ পাহৰিলেও অংকিতাই নিজৰ বু্দ্ধিৰে সেই অথন্তৰৰ পৰা নিজকে ৰক্ষা কৰে৷ কিন্তু কেনেকৈ নিজকে সেই অথন্তৰৰ পৰা অংকিতাই ৰক্ষা কৰিলে?
View this post on Instagram
লগতে পঢ়ক কিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ধমক খালে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে?
অংকিতা কোঁৱৰে নিজেই সেই বিষয়ে প্ৰকাশ কৰিছে৷ ইনষ্টাগ্ৰামত অংকিতা কোঁৱৰে এই বিষয়ে প্ৰকাশ কৰি কৈছে যে গৰমত চানগ্লাছ পাহৰিলেও চিন্তিত বা দুখ কৰাৰ প্ৰয়োজন নাই, কাৰণ ইয়াৰ তাৎক্ষণিক সমাধানৰ বাবে অন্য পথ আছে৷
‘‘যেতিয়া আপুনি চানগ্লাছ নিবলৈ পাহৰে তেতিয়া আপুনি কি কৰিব? আপোনাৰ কঁকালত পিন্ধা কাপোৰ খুলি মূৰৰ ওপৰত ঘূনঘটৰ নিচিনাকৈ লওক৷’’ অংকিতা কোঁৱৰে ইনষ্টাগ্ৰামত ফ’টো শ্বেয়াৰ কৰি এইদৰে লিখিছে৷
View this post on Instagram
উল্লেখ্য যে অভিনেতা-মডেল মিলিন্দ চুমনৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পিছৰে পৰা অংকিতা কোঁৱৰে দুয়োৰে বিভিন্ন ঠাইলৈ ভ্ৰমণ কৰাৰ ফ’টো সামাজিক মাধ্যমত শ্বেয়াৰ কৰি আহিছে৷ বিশেষকৈ সাগৰৰ পাৰত দুয়োৰে অন্তৰংগ মুহূৰ্ত উযাপন কৰাৰ ফ’টোও শ্বেয়াৰ কৰি আহিছে৷
লগতে পঢ়ক পাঁচ সুন্দৰীয়ে স্থান পালে পাক মন্ত্ৰী সভাত : কোন কোন এই পাঁচ পাক সুন্দৰী?
শেহতীয়াকৈ অংকিতাই তেওঁলোকৰ বিবাহ বাৰ্ষিকীৰ ফ’টোও শ্বেয়াৰ কৰিছে৷ লক্ষদ্বীপৰ সাগৰৰ পাৰত বিকিনি পিন্ধি উঠা তেওঁৰ ফ’টোও শ্বেয়াৰ কৰিছে অংকিতাই৷
‘‘বিকিনি+যিকোনো আকাৰৰ শৰীৰ=বিকিনি শৰীৰ। মই সাগৰৰ পাৰ ভাল পাওঁ আৰু সাগৰৰ পাৰেও মোক ভাল পায়।’’ ফ’টো শ্বেয়াৰ কৰি অংকিতাই লগতে এইদৰে লিখিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ