অসম লাইভ২৪ঃ জুঁটি হিচাপে ‘বিগ বছ’ৰ ঘৰত প্ৰৱেশ কৰিছিল টেলিভিছন অভিনেত্ৰী অংকিতা লোখাণ্ডে আৰু তেওঁৰ স্বামী বিকি জৈন। ছলমান খানৰ সেই ৰিয়েলিটি শ্ব’ত ভৰি দিয়েই এটাৰ পাছত আনটো বিতৰ্কত সোমাই পৰিছে এই যুঁটিটো। দুয়োৰে দাম্পত্য জীৱন টিকি থাকিবনে এই বিষয়টো লৈয়ো বহুজনৰে সন্দেহ ওপজিছে। বিগ বচ-১৭ৰ ঘৰত এটাৰ পাছত আনটো অশান্তি অংকিতা আৰু বিকিৰ মাজত।
কাজিয়াৰ পাছৰে পৰাই আৰম্ভ হৈছে এজনৰ পাছত আনজনক কটূক্তি কৰা। একোৱেই বাদ পৰা নাই, দুয়োজনৰ মাজত সকলো প্ৰতিযোগীৰ ওচৰতেই বিকিয়ে কৰা অপমানৰ বাবেই বিচ্ছেদৰ কথাও কৈছিল অংকিতাই। তাৰপাছতেই সম্পৰ্কই এইবাৰ নতুন মোৰ লৈছে। সম্প্ৰতি একেলগে থাকে অংকিতা, বিকি। বিগত কেইবাদিনো ধৰি পৃথক ৰূপত দেখা গৈছে অংকিতাক। বহুতেই কৈছে অংকিতা সন্তানসম্ভৱা। ইতিমধ্যেই অংকিতাই নিজেই বিগ বছৰ ঘৰত প্ৰকাশ কৰামতে তেওঁ সন্তানসম্ভৱা নেকি তাৰ বাবে তেজ পৰীক্ষাও কৰিবলৈ পঠিওৱা হৈছে। বিগ বছৰ ঘৰতেই অংকিতাই এই কথা প্ৰকাশ কৰিছে।
বিগ বছে দাঙি ধৰা কিয়দাংশত দেখা গৈছে যে স্বামী বিকিক অংকিতাই ব্যক্তিগত কথা কিছু শ্বেয়াৰ কৰিছে। অংকিতাই কৈছে, ‘মোৰ গা খুবেই বেয়া লগা হৈছে। মই ঘৰ যাব বিচাৰো।’ ইয়াৰোপৰি তেওঁৰ সন্তানসম্ভৱা হোৱাৰ লক্ষণ অনুভৱ কৰাৰ বাবে যাৱতীয় পৰীক্ষাও কৰিছে। বৰ্তমানলৈকে কিন্তু কোনো ৰিপৰ্টৰ কথা প্ৰকাশ কৰা নাই অংকিতাই।
উল্লেখ্য যে দীপাৱলীৰ পূৰ্বৰে পৰাই অংকিতা আৰু বিকিৰ মাজত অশান্তি বৃদ্ধি পাইছে। বিগ বছ ১৭ৰ খেলৰ নিয়ম অনুসৰী বৰ্তমান পৃথক পৃথকে আছে অংকিতা বিকি। অংকিতাক এৰি পৃথকে থাকি বিকি খুবেই সুখী হোৱা দেখি ভাঙি পৰিছে অংকিতা। অপমান আৰু সহ্য কৰিব নোৱাৰি সেই কথাও প্ৰকাশ কৰি পাইছে অংকিতাই। অংকিতাই এই সন্দৰ্ভত বিকিক কৈছে, ‘তুমি এজন স্বাৰ্থপৰ মানুহ। তুমি ইমান দিনে মোক কেৱল ব্যৱহাৰেই কৰিছা। এনেকৈ হ’লে ময়ো পাহৰি যাম মই যে বিবাহিতা।’ এই ঘটনাৰ পাছতেই প্রশ্ন উত্থাপিত হৈছে, সঁচাকৈয়ে বিগ বছৰ ঘৰৰ পৰা ওলায়েই দুয়োৰে সংসাৰ ভাঙি যাব নেকি? নে অংকিতা মাতৃ হোৱাৰ খবৰ আহিলে সকলো তিক্ততা আঁতৰাই দুয়োৱে একে বাটেৰে বাট বুলিব? সকলোৱে এতিয়া অপেক্ষা কৰিছে সেই সময়ৰ বাবেই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ