স্বাধীন অসমৰ স্বপ্নত পুনৰ বিভোৰ হৈছে যুৱ প্ৰজন্মৰ একাংশ৷ পুনৰ যেন আশী-নব্বৈ দশকৰ আলফাৰ প্ৰতি থকা তেতিয়াৰ যুৱ প্ৰজন্মৰ দৰেই সেই অহৈতুক আকৰ্ষণ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে বৰ্তমানৰ যুৱপ্ৰজন্মৰ মাজত৷
যুৱ প্ৰজন্মৰ একাংশই আলফা স্বাধীনলৈ গমন কৰি যেন সেই কথাকে প্ৰতিপন্ন কৰিছে৷
বিগত কিছু বছৰৰ পৰা ছেগা-চোৰোকাকৈ কিছুসংখ্যক যুৱক-যুৱতীয়ে আলফা স্বাধীনত যোগদান কৰাৰ এই ধাৰা এতিয়া ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷
লগতে পঢ়ক বিবেক অগ্নিহোত্ৰীৰ পুনৰ প্ৰত্যাহ্বান; কাক কি প্ৰত্যাহ্বান দিলে ‘দ্য কাশ্মীৰ ফাইলছ’ৰ নিৰ্দেশকে
বৰং বিগত বছৰবোৰতকৈ এই সোঁত বৃদ্ধি পোৱাহে পৰিলক্ষিত হৈছে৷ সেই ধাৰাক অধিক তৰান্বিত কৰি বৃহস্পতিবাৰে ৰাজ্যৰ পাঁচজন যুৱকে নিষিদ্ধ ঘোষিত সংগঠনটোত যোগদান কৰা বুলি জানিব পৰা গৈছে৷
প্ৰকাশিত খবৰ মতে নগাঁৱৰ তন্ময় বৰা, দিগন্ত গোৱালা, সুভাষ সাহা আৰু তিনিচুকীয়াৰ সূৰজ মৰাণ আৰু দৰঙৰ হীৰকজ্যোতি নামৰ পাঁচগৰাকী যুৱকে আলফা(স্বা)ত যোগদান কৰিছে৷
এক সূত্ৰৰ মতে বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ পৰা বৰ্তমানলৈকে ৰাজ্যখনৰ অতি কমেও ২৯৬ গৰাকী যুৱক-যুৱতীয়ে আলফা(স্বা)ত যোগদান কৰিছে৷
লগতে পঢ়ক এতিয়াও যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত আৱদ্ধ হৈ আছে ভাৰতীয় শিক্ষাৰ্থী, কি ক’লে ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ে?
সম্ভৱতঃ এয়া হৈছে নব্বৈ দশকৰ পিছত অতি কম সময়ৰ ব্যৱধানত বৃহৎ সংখ্যক যুৱক-যুৱতীয়ে আফলা(স্বা) যোগদান কৰাৰ ঘটনা৷
আলফা(স্বা)ৰ প্ৰতি ৰাজ্যৰ যুৱ প্ৰজন্মৰ এই আকৰ্ষণে ৰাজ্যৰ গৃহ বিভাগৰ বাবে উদ্বেগজনক বুলি বিবেচিত হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ