ভাৰতৰ প্ৰবাদ প্ৰতীম তথা অস্কাৰ বিজয়ী সংগীতজ্ঞ এ আৰ ৰহমানৰ কন্যা খাটিজা ৰহমানৰ বিবাহসম্পন্ন হৈ গৈছে৷
সংগতীজ্ঞ এ আৰ ৰহমান আৰু তেওঁৰ কন্যা খাটিজাই নিজৰ নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এই বিবাহ সম্পন্ন হৈ যোৱাৰ কথা সদৰী কৰিছে৷
দৰা আৰু কইনাৰ লগতে পৰিয়ালৰ সকলোৱে উপস্থিত থকা এখন ফ’টো শ্বেয়াৰ কৰি সংগতীজ্ঞ এ আৰ ৰহমানে লিখিছে, ‘‘সৰ্বশক্তিমানজনে দম্পতীহালক আশীৰ্বাদ কৰক। তোমালোকলৈ আগতীয়াই শুভকামনা আৰু মৰমৰ জনাইছো।’’
লগতে পঢ়ক উচ্চতা অনুসৰি আপোনাৰ ওজন কিমান হোৱা উচিত? চাওক তালিকা
ইফালে কন্যা খাটিজাই স্বামীৰ সৈতে উঠা এখন ফ’টো শ্বেয়াৰ কৰি লিখিছে, ‘‘মোৰ জীৱনৰ আটাইতকৈ প্ৰতীক্ষিত দিনটো, মোৰ মানুহজনৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ দিনটো৷’’
এতিয়া প্ৰশ্ন হ’ল এ আৰ ৰহমানৰ জোঁৱাই কোন? তেওঁ হৈছে ৰিয়াছদ্দীন শ্বেইখ মহম্মদ৷ ৰিয়াছদ্দীন হৈছে এজন অডিঅ’ ইঞ্জিনিয়াৰ৷ ২০২১ চনৰ ডিচেম্বৰতে অডিঅ’ ইঞ্জিনিয়াৰ তথা উদ্যোগী ৰিয়াছদ্দীনৰ সৈতে খাটিজাৰ বাগদান সম্পন্ন হৈ গৈছিল৷
আনহাতে, এ আৰ ৰহমানৰ কন্যা খাটিজা এগৰাকী কণ্ঠশিল্পী৷ খাটিজাই কে’বাখনো তামিল ছবিত কণ্ঠদান কৰিছে৷ ইয়াৰ মাজত ৰবট ছবিৰ ‘ইনথিৰাণ’ নামৰ জনপ্ৰিয় গীতটোও আছে৷
লগতে পঢ়ক বিবাহ আসন্ন! অৰ্জুন কাপুৰৰ সৈতে বিয়াত বহিবলৈ সাজু মালাইকা আৰোৱা!
উল্লেখ্য যে আজিৰ পৰা ১০ বছৰ পূৰ্বে শ্লামড’গ মিলিয়’নাৰ ছবিৰ বাবে অস্কাৰৰ বঁটা জয়ী কৰাৰ সময়ত এ আৰ ৰহমানৰ কন্যা খাটিজাই মুখ ঢাকি ইছলাম ধৰ্মীয় পোছাক পিন্ধি সমালোচনাৰ সন্মুখীন হৈছিল৷ ইয়াৰ পিছতে ৰহমানে পত্নীৰ সৈতে দুই কন্যাৰ ফ’টো শ্বেয়াৰ কৰি ‘স্বাধীনতাক বাছনি কৰা’ বুলি লিখি প্ৰত্যুত্তৰ দিছিল৷
ইফালে সংগীতজ্ঞ এ আৰ ৰহমান আৰু কন্যা খাটিজাৰ বিবাহ সম্পন্ন হৈ যোৱাৰ কথা সামাজিক মাধ্যমত সদৰী কৰাৰ লগে লগে বিভিন্নজনে শুভকামনাৰ লগতে আশীৰ্বাদো জনাইছে৷
জনপ্ৰিয় শিল্পী শ্ৰেয়া ঘোষালে লিখিছে, ‘‘হৃদয়ভৰা শুভকামনা জনালো, ধুনীয়া দম্পতীহালক ভগৱানে আশীৰ্বাদ কৰক৷’’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ