আৰু কেইটামান দিনৰ পাছতেই আৰম্ভ হ’ব ২০২৫ চন৷ নতুন বছৰত ৰাশিচক্ৰৰ প্ৰথম ৰাশি মেষ ৰাশিৰ জাতকৰ দিন কেনে যাব? জ্যোতিষ গণনা অনুসৰি ২০২৫ চন মেষ ৰাশিৰ জাতকৰ বাবে উন্নতিৰ নানান সুযোগ লৈ আহিব৷ ইয়াৰোপৰি চেলেঞ্জৰ মুখতো পৰিব মেষ ৰাশিৰ জাতকৰ৷
প্ৰেম জীৱন
২০২৫ চনত প্ৰেমৰ সম্পৰ্ক বেছ ভাল হ’ব মেষ ৰাশিৰ জাতকৰ৷ নতুন বছৰত দেৱগুৰু বৃহস্পতিৰ আশীৰ্বাদ থাকিব মেষ ৰাশিৰ জাতকৰ ওপৰত৷ পৰিয়ালত সুখ আৰু শান্তিৰ পৰিবেশ বৰ্তি থাকিব৷ শনি, মেষ ৰাশিৰ দ্বাদশ ঘৰত প্ৰৱেশৰ লগে লগে আপুনি ব্যক্তিগত লক্ষ্যৰ পৰা কিছু বিচ্যুত হ’ব পাৰে৷ এই সময়ত সামাজিক পৰিধি বাঢ়িব আৰু সংগীৰ সৈতে ভাল সময় কটাব আপুনি৷
কেৰিয়াৰ আৰু অৰ্থ
শনিক একাদশ ঘৰলৈ নি ২০২৫ চন আৰম্ভ কৰিব মেষ ৰাশিৰ জাতকে৷ এই সময়ত আপোনাৰ মনৰ দীৰ্ঘদিনৰ ইচ্ছা পূৰণ হ’ব পাৰে৷ নিজৰ আৰ্থিক লক্ষ্যৰ দিশত আৰু এঢাপ আগুৱাই যাব৷ মাৰ্চ মাহত শনিয়ে দ্বাদশ ঘৰত প্ৰৱেশ কৰিলে অহেতুক খৰচ বাঢ়িব৷ আকৌ মে মাহত বৃহস্পতি তৃতীয় ঘৰত আহিলে ব্যৱসায়ত বৃহৎ সাফল্য লাভ কৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















