অসম লাইভ ২৪ঃ জটিলৰ পৰা জটিলতৰ হৈ পৰিছে দেশৰ শেহতীয়া কোভিড পৰিস্থিতি। দ্ৰুত গতিত বৃদ্ধি পাইছে সংক্ৰমণৰ ঘটনা। মহাৰাষ্ট্ৰৰ পাছতে মুম্বাইত বাঢ়িছে সৰ্বাধিক সংক্ৰমণৰ ঘটনা। আক্ৰান্ত হৈছে ইজনৰ পাছত সিজন বলীউড তাৰকা। অভিনেতা অৰ্জুন ৰামপাল আৰু নীল নীতিন মুকেশ শেহতীয়াভাৱে আক্ৰান্ত হৈছে ক’ৰোনাত। ছ’চিয়েল মিডিয়াযোগে দুয়োগৰাকী অভিনেতাই জনাইছে এই কথা। চিকিৎসকৰ পৰামৰ্শ অনুসৰি বৰ্তমান হোম কোৱাৰেণ্টিনত আছে অৰ্জুন ৰামপাল আৰু নীল নীতিন মুকেশ। কোভিডত আক্ৰান্ত হৈছে অভিনেতা নীল নীতিন মুকেশৰ পৰিয়ালো। তেওঁলোকৰ সংস্পৰ্শলৈ অহা ব্যক্তিসকলকো কোভিড পৰীক্ষণৰ বাবে ছ’চিয়েল মিডিয়াযোগে আহ্বান জনায় অভিনেতাগৰাকীয়ে। ইফালে, বলীউডৰ জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ মনিষ মলহ’ট্ৰা কোভিডত আক্ৰান্ত। হোম কোৱাৰেণ্টিনত আছে ডিজাইনাৰগৰাকী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ