অসম লাইভ২৪ঃ ৮১ বছৰীয়া আছৰামক গুজৰাট আদালতে চুৰাটস্থিত এগৰাকী মহিলাক বলৎকাৰ কৰাৰ বাবে আজীৱন কাৰাদণ্ডৰ শাস্তি বিহিছিল৷ যোধপুৰ আদালতে ২০১৮ চনৰ এপ্ৰিল মাহত আজীৱন কাৰাদণ্ডৰ ৰায় দিছিল আছৰামৰ বিৰুদ্ধে৷ আছৰাম তেতিয়াৰে পৰাই যোধপুৰ কাৰাগাৰত বন্দী হৈ আছে৷ ইয়াতেই শেষ নহয় আছৰামৰ কাহিনী৷ আছৰামৰ পুত্ৰও আজীৱন কাৰাদণ্ডৰে দণ্ডিত হৈ কাৰাগাৰত বন্দী হৈ আছে৷ এটা সময় আছিল, আছৰামৰ আশ্ৰমত সকলো সময়তে ভীৰ আছিল মহিলাৰ৷ আছৰামে প্ৰায় ১০০০০ কোটি টকাৰ সম্পত্তি গঢ়িছিল আশ্ৰমৰ জৰিয়তেই৷ আছৰাম গ্ৰেপ্তাৰ হোৱাৰ পাছত বৰ্তমান তেওঁৰ সম্পত্তিসমূহ চোৱাচিতা কৰি আছে তেঁওৰেই এজন উত্তৰাধিকাৰীয়ে৷ দেশ-বিদেশত থকা আশ্ৰমসমূহ পৰিচালনা কৰে বিশেষ ব্যক্তিগৰাকীয়েই৷
আছৰামৰ উত্তৰাধিকাৰী কোন?
এক সূত্ৰই প্ৰকাশ কৰা অনুযায়ী, আছৰামৰ উত্তৰাধিকাৰী তেওঁৰ একমাত্ৰ জীয়াৰী। আছৰামৰ কন্যাৰ নাম ভাৰতী দেৱী। ভাৰতী দেৱীক ‘শ্ৰীজী’ আৰু ‘ভাৰতীশ্ৰী’ বুলিয়েই সমগ্ৰতে চৰ্চিত। ‘সন্ত শ্ৰী আছৰাম ট্ৰাষ্ট’ বহু বছৰ আগতে গঠন কৰা হৈছিল। ইয়াৰ মুখ্য কাৰ্যালয় গুজৰাটৰ আহমেদাবাদত আছে। ভাৰতী দেৱীয়ে ভাৰত আৰু বিদেশত আছৰামৰসকলো আশ্ৰম পৰিচালনা কৰে। অৱশ্যে, পিতৃ আৰু ভাতৃৰ দৰে তেওঁ জনপ্ৰিয় কিয় হ’ব নোৱাৰিলে? সেই সম্পৰ্কেও বহুতেই প্ৰশ্ন উত্থাপন কৰে৷
ভাৰতী দেৱী কেতিয়া চৰ্চালৈ আহিছিল?
তাৎপৰ্যপূৰ্ণভাৱে, ২০০৪ চনত আধ্যাত্মিকতাৰ পৃথিৱীত আছৰামৰ নাম শীৰ্ষত আছিল। আছৰামৰ পুত্ৰ নাৰায়ণ ছাই ভাৰতত অনুষ্ঠিত আধ্যাত্মিক আন্দোলনৰ শীৰ্ষ নেতা আছিল৷ একে বছৰতে, আছৰামৰ জীয়ৰী ভাৰতী দেৱীয়েও আধ্যাত্মিক মঞ্চত প্ৰৱেশ কৰে। ভাৰতীক পিতৃৰ সৈতে সৎসঙ্গত দেখা গৈছিল। আছৰামৰ অনুগামীসকলৰ মাজত তেওঁৰ প্ৰভাৱো তেতিয়াৰে পৰাই বাঢ়িবলৈ আৰম্ভ কৰে৷ কিন্তু পিতৃৰ দৰে তেওঁৰ বিশেষ জনপ্ৰিয়তা আজিও নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ