অৱশেষত নিয়তিৰ ওচৰত নতি স্বীকাৰ কৰিলে ৰাজ্যৰ উদীয়মান অভিনেতা কিশোৰ দাসে৷ চেন্নাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত শনিবাৰে মৃত্যুক আকোৱালি ল’লে ২৮ বছৰীয়া অভিনেতাগৰাকীয়ে৷
উল্লেখ্য যে ব্লাড কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ অভিনেতা কিশোৰ দাসে বিগত কে’বামাহ ধৰি চিকিৎসাধীন হৈ আছিল৷
প্ৰথমাৱস্থাত মহানগৰীৰ ‘হেল্থ চিটি’ চিকিৎসাধীন হোৱা কিশোৰ দাসক পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে মুম্বাই আৰু চেন্নাইলৈ নিয়া হয়৷
লগতে পঢ়ক গৰমত কুহিয়াৰ ৰসৰ উপকাৰিতা কি?
ৰাজ্যৰ বিভিন্ন শ্ৰেণীৰ লোকে কিশোৰ দাসৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্য আগবঢ়োৱাৰ লগতে আশু আৰোগ্য কামনা কৰিছিল যদিও চেন্নাইত চিকিৎসাধীন অৱস্থাতে ৰাজ্যৰ উদীয়মান অভিনেতা কিশোৰ দাসে আজি শেষ নিশ্বাস ত্যাগ কৰে৷
স্মৰ্তব্য যে কিশোৰ দাসে কে’বাখনো ধাৰাবাহিক, ভিভিড’ গীত আৰু শেহতীয়াকৈ দাদা তুমি দুষ্ট বৰ ছবিখনতো অভিনয় কৰিছিল৷
উদীয়মান অভিনেতাগৰাকীৰ মৃত্যুত ৰাজ্যৰ সাংস্কৃতিক জগতখনত শোকৰ ছাঁ পৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















