মধ্যবিত্ত ভাৰতীয় সমাজত অন্যৰ পৰা সামগ্ৰী লৈ ব্যৱহাৰ কৰাৰ প্ৰথা প্ৰচলিত আছে৷ ঘৰত ৰন্ধাবঢ়া কৰা সামগ্ৰীৰ পৰা আৰম্ভ কৰি চেনী, তেল আদিও প্ৰতিবেশীৰ পৰাও ধাৰে লয়৷ জ্যোতিষবিদে কৈছে যে অন্যৰ পৰা কিছু সামগ্ৰী ধাৰলৈ আনিলে লাভতকৈ ক্ষতিহে বেছি হয়৷ এই সকলোবোৰৰ পৰা আমাৰ জীৱনত নিগেটিভ এনাৰ্জিয়ে বাঁহ বান্ধে৷ জানি থওক কি কি সামগ্ৰী অন্যৰ পৰা ধাৰ নল’ব?
নিমখ
ৰান্ধনীশালত যদি নিমখ নাথাকে তেন্তে প্ৰতিবেশীৰ পৰা কেতিয়াও নিমখ ধাৰলৈ নানিব৷ নিমখ ধাৰ কৰাটো বেয়া বুলি জ্যোতিষশাস্ত্ৰত উল্লেখ আছে৷ জ্যোতিষ বিশেষজ্ঞই কৈছে যে যদি আপুনি অন্য কাৰোবাৰ পৰা নিমখ ধাৰ কৰে তেন্তে প্ৰতিবেশীৰ কাষত আপুনি ঋণী হৈ পৰিব৷
ঝাড়ু
জ্যোতিষবিদে কৈছে যে কেতিয়াও অন্যৰ পৰা ঝাড়ু ধাৰলৈ নানিব৷ কাৰণ প্ৰচলিত বিশ্বাস অনুসৰি ঝাড়ুত মা লক্ষ্মীয়ে বসবাস কৰে৷ সেয়ে অন্যৰ পৰা ঝাড়ু ধাৰলৈ আনিলে আৰ্থিক পৰিস্থিতি বেয়া হ’ব পাৰে৷ ভুলতো কাৰোপৰা ঝাড়ু সেয়ে ধাৰলৈ আনিব নালাগে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ