শনিদেৱ হৈছে কৰ্মফলৰ দেৱতা৷ অৰ্থাৎ আপুনি যিমানেই কাম কৰিব শনিদেৱে আপোনাক সেই অনুযায়ী ফল দান কৰিব৷ আপোনাৰ কামত শনিদেৱ যদি ৰুষ্ট হয় তেতিয়া সেই ফল মাৰাত্মক হব পাৰে৷ জীৱন হৈ উঠিব পাৰে বিভীষিকাময়৷ জীৱনত চলাৰ পথত আহিব পাৰে অজস্ৰ বাধা-বিপত্তি, কোনো হৈ যোৱা গুৰুত্বপূৰ্ণ কামো ৰৈ যাব পাৰে৷ ইয়াৰ সৈতে ৰোগত ভোগাৰ আশংকাও বাঢ়িব পাৰে৷ আমি আমাৰ অজানিতেই এনে নানান কাম কৰি পেলাও যে শনিদেৱ ৰুষ্ট হৈ পৰে৷ সেয়ে অলপ সতৰ্ক হৈ চলিলেই আপুনি ৰেহাই পাব পাৰে৷ জানি থওক শনিদেৱক তুষ্ট ৰাখিবলৈ কি কি কাম কৰিব?
কি কাম কৰিলে শনিদেৱে খং কৰে?
১. নিশা ঝাড়ু মৰাঃ আমি বহুতেই সন্ধিয়াৰ পাছত ঘৰ পৰিষ্কাৰ কৰো৷ কিন্তু শাস্ত্ৰমতে সন্ধিয়াৰ পাছত ঘৰ ঝাড়ু মৰা উচিত নহয়৷ এনেকৈ নিশা ঘৰ সাৰিলে লক্ষ্মী ঘৰৰ পৰা ওলাই যায়৷ ইয়াৰ সৈতে শনিদেৱৰ কৃপাৰ পৰা আমি বঞ্চিত হওঁ৷
২. চিংকত বাচন জমাই ৰখাঃ খাদ্য খোৱাৰ পাছত ৰান্ধনিঘৰৰ চিংক বা অন্য কৰোবাত লেতেৰা বাচন জমাই ৰখা উচিত নহয়৷ এনেকৈ হ’লে বাস্তুত ওপৰত প্ৰভাৱ পৰে, শনিদেৱেও খং কৰে৷
৩. ঘৰত ভঙা আইনা ৰখাঃ ভাঙি যোৱা আইনা ঘৰত ৰখা অত্যন্ত অশুভ৷ ভঙা আইনা ঘৰত ৰাখিলে শনিদেৱ কুপিত হয়৷ ইয়াৰ ফলত আৰ্থিক সংকটে দেখা দিব পাৰে৷
৪. অসহায় মানুহ আৰু পশুপক্ষীক অৱহেলা কৰাঃ শাস্ত্ৰমতে কাউৰি আৰু কুকুৰ সৈতে শনিদেৱৰ বাহন৷ সেয়ে এই দুই প্ৰাণী তথা অন্যান্য পশু পক্ষীক তুচ্ছতাচ্ছিল্য কৰিলেও শনিদেৱ ক্ষোভিত হয়৷ ইয়াৰ সৈতে অসহায় মানুহৰ সৈতে বেয়া ব্যৱহাৰ কৰিলে শনিদেৱৰ কুপ্ৰভাৱৰ চিকাৰ হব পাৰে৷
৫. যেতিয়া তেতিয়াই ঘণ্টা বজোৱাঃ পূজাৰ সময়ত অন্যান্য সময়ত ঘণ্টা বজাব নালাগে৷ ইয়াৰ ফলত শনিদেৱৰ নেতিবাচক দৃষ্টি ঘৰৰ ওপৰত পৰে৷ ইয়াৰ ফলত ঘৰৰ সকলোৰে জীৱন তছনছ হৈ যাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















