অসম লাইভ ২৪ঃ এটা ঘঁৰিয়ালৰ মৃত্যুৰ বাতৰিয়ে চৰ্চা লাভ কৰিছে দেশৰ আগশাৰীৰ সংবাদ মাধ্যমত। ৭৫ বছৰীয়া এই ঘঁৰিয়ালটো কেৰালাৰ এটা মন্দিৰত প্ৰায় সাত দশক ধৰি বাস কৰি আহিছিল। বাবিয়া নামৰ ঘঁৰিয়ালটোৰ মৃত্যুৱে এতিয়া শোকস্তব্ধ কৰিছে কেৰালাৰ কাচাৰাগোডবাসীকো। কেৰালাৰ ‘অন্নথপুৰ লেক মন্দিৰ’ত বাবীয়াই ৭৫ বছৰে বাস কৰিছে সেয়াই ববীয়াৰ বৈশিষ্ট্য নহয়। ববীয়া সম্পূৰ্ণ নিৰামিষভোজী আছিল। মন্দিৰত বাস কৰাৰ বাবেই ববীয়া নিৰামিষভোজী হৈ পৰিছিল নে ববীয়াই জন্মৰ পৰাই মাংসৰ সোৱাদেই পোৱা নাছিল বাবেই সি নিৰামিষভোজী হৈ পৰিছিল সেই সম্পৰ্কে সঠিক তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই যদিও ববীয়াৰ চলন-ফুৰণ তথা জীৱনশৈলী অন্য ঘঁৰিয়ালতকৈ পৃথক আছিল বুলি মন্দিৰৰ কৰ্মকৰ্তাসকলে দাবী কৰে।
বিভিন্ন স্থানৰ পৰা মন্দিৰলৈ অহা ভক্তৰ মুখ্য আকৰ্ষণেই আছিল ববীয়া। মন্দিৰলৈ অহা প্ৰত্যেকগৰাকী ভক্তই পূজাৰ শেষত ববীয়াক প্ৰসাদ দিয়ে। ববীয়াইয়ো সেই প্ৰসাদ গ্ৰহণ কৰে। দেওবাৰে নিশা মৃত্যুৰ সাবটি লোৱা ববীয়াৰ শেষকৃত্য অনুষ্ঠানেও দৃষ্টি কাঢ়িছে সকলোৰে। ববীয়া সন্দৰ্ভত মন্দিৰৰ বিষয়ববীয়াসকলে কয় যে, ববীয়া থকা পুখুৰীটোত অন্যান্য মাছ, কাছকে ধৰি বহু জীৱ আছে। কিন্তু ববীয়াই কোনোদিনেই এই জীৱসমূহৰ অনিষ্ঠ কৰা নাছিল। এইসমূহক ভক্ষণ কৰাৰ পৰিবৰ্তে ববীয়াই কোনো ভক্তপ্ৰাণ ৰাইজে দি যোৱা প্ৰসাদহে গ্ৰহন কৰিছিল। ববীয়াৰ মৃত্যুত শোকস্তব্ধ মন্দিৰৰ বিষয়ববীয়াই সম্পূৰ্ণ বৈদিক নীতি-নিয়মেৰে ববীয়াৰ শেষকৃত্য সম্পন্ন কৰাৰ ফটো এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ