যাদুকৰী উদ্ভিদ, ঘৰত ৰুই গৰমৰ পৰা পৰিত্ৰাণ লাভ কৰক, লগতে লাভ কৰক বিশুদ্ধ বায়ু
বায়ু পৰিৱৰ্তনৰ প্ৰভাৱ বাৰুকৈয়ে পৰিছে। সকলোফালে কেৱল গৰম আৰু গৰম। জুন জুলাই মাহ বাকি থকা অৱস্থাতে এই এপ্ৰিল মাহতেই ৪০ ডিগ্ৰীৰ ওচৰা ওচৰি হৈছে তাপমাত্ৰা।
এনে গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ মানুহে ফেন, এচি, কুলাৰ আদি বিভিন্ন ব্যৱস্থা কৰে। আমি ঘৰৰ ভিতৰৰ উষ্ণতা হ্ৰাস কৰি শীতল অনুভৱ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰোঁ, কিন্তু যিমানেই কৃত্ৰিম পদ্ধতি গ্ৰহণ নকৰোঁ কিয়, প্ৰাকৃতিক সামগ্ৰীৰ সৈতে তুলনা কৰিব নোৱাৰি।
কেৱল ডাঙৰ ডাঙৰ গছবোৰেই নহয়, আনকি ঘৰৰ ভিতৰত লগোৱা টাৱত গজা গছবোৰো শীতলীকৰণত বহু সহায়ক।তেনেই এবিধ উদ্ভিত আছে যিয়ে গ্ৰীষ্মকালত যাদুৰ দৰে কাম কৰা। সৰু পাত্ৰত ৰুব পৰা এই গছজোপাৰ ঘৰখন ঠাণ্ডা কৰি ৰখাৰ শক্তি আছে।
দেখাত অতি ধুনীয়া এই উদ্ভিদ এসময়ত আফ্ৰিকান দেশত পোৱা গৈছিল যদিও ইয়াৰ উপকাৰ ইমানেই আচৰিত যে এতিয়া ভাৰততো ইয়াক সহজে পোৱা যায আৰু সহজে ৰুপ পৰা যায়। আনকি ডাঙৰ ডাঙৰ ইণ্টেৰিয়ৰ ডিজাইনাৰ আৰু উদ্যান শস্য বিশেষজ্ঞসকলেও ইয়াৰ বৈশিষ্ট্যৰ বাবে এই গছজোপা ঘৰৰ ভিতৰত ৰোপণ কৰিবলৈ পৰামৰ্শ দিয়ে।
এই উদ্ভিদ জোপাৰ নাম স্নেক প্লাণ্ট তথা সাপ উদ্ধিদ। ইয়াৰ পাতত ভাইপাৰ সাপৰ দেহৰ দৰে ডিজাইন থকাৰ বাবে ইয়াৰ নাম সাপ উদ্ভিদ। অল ইণ্ডিয়া ইনষ্টিটিউট অৱ আয়ুৰ্বেদে স্নেক প্লাণ্ট সন্দৰ্ভত কৈছে যে, এই উদ্ভিদৰ যত্ন অতি সহজ। ইয়াৰ বাবে বেছি পানী বা সাৰৰ প্ৰয়োজন নহয় আৰু ইয়াক ঘৰৰ ভিতৰতো সহজে ৰোপণ কৰিব পাৰি।
ইয়াৰ কিছুমান বিশেষ বৈশিষ্ট্য আছে। ই বায়ু বিশুদ্ধ কৰে, বায়ুৰ পৰা বিষাক্ত প্ৰদূষক আঁতৰায়। ঘৰত স্থাপন কৰিলে মানুহে উশাহ ল’বলৈ বিশুদ্ধ বায়ু লাভ কৰে। ই এটা প্ৰাকৃতিক হিউমিডিফায়াৰ। কেৱল এয়াই নহয়, যদি ইয়াক কোঠা বা ঘৰৰ বহু টবত ৰোপণ কৰা হয়, তেন্তে ই কিছু পৰিমাণে উষ্ণতা সাধাৰণ কৰি ৰখাতো সহায় কৰে।
প্ৰদূষণৰ বিৰুদ্ধে কাম কৰা এই উদ্ভিদে এলাৰ্জিক উপাদানসমূহো শোষণ কৰে। মানসিক স্বাস্থ্য আৰু শান্তিৰ ক্ষেত্ৰত ই ফলপ্ৰসূ। ইয়াৰ সৌন্দৰ্য্যৰ বাবে ইয়াক চাবলৈও ভাল লাগে। ইয়াৰ বাহিৰেও বাস্তুৰ লগত জড়িত বহু কথাও এই সন্দৰ্ভত পোহৰলৈ আহে। য’ত ইয়াৰ পাতৰ ডিজাইনৰ বাবে ইয়াক ভাগ্যৱান উদ্ভিদ বুলি গণ্য কৰা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ