‘কাচা বাদাম’ গানেৰে ইন্টাৰনেটত ব্যাপকভাৱে ভাইৰেল হৈ পৰা ভুৱন বাদ্যকাৰ এতিয়া এজন বাদাম ফেৰীৱালা নহয়৷ তেওঁ ইতিমধ্যে চেলিব্ৰেটিলৈ পৰিণত হৈছে৷
কাচা বাদাম বিক্ৰী কৰিবলৈ এৰি ভুৱন বাদ্যকাৰে পঞ্চতাৰকা হোটেলত গীত পৰিৱেশন কৰি সুন্দৰী যুৱতীৰ সৈতে কঁকাল ভাঙি গানৰ তালে তালে ৰোমাঞ্চকৰ নৃত্যও কৰে৷
ষোড়নাই চেলিব্ৰেটিৰ জীৱন যাপন কৰিবলৈ নতুন আদৱ কায়দাক অনুসৰণ কৰা ভুৱন বাদ্যকাৰে কিছুদিন পূৰ্বে গাড়ী চলোৱাৰ প্ৰশিক্ষণ ল’বলৈ গৈ দুৰ্ঘটনাটো পতিত হয়৷
লগতে পঢ়ক ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : সৰ্বকালৰ অভিলেখ ভংগ কৰিব খাৰুৱা তেলৰ মূল্যই!
উল্লেখ্যে ইউটিউবৰ পৰা ৰয়েলিটি হিচাপে কে’বালাখো টকা আৰু বিভিন্ন অনুষ্ঠানসমূহৰ পৰা লাভ কৰাৰ ধনেৰে ভুৱন বাদ্যকাৰে এখন ছেকেণ্ড হেণ্ড বাহনো ক্ৰয় কৰে৷ এই বাহনখনতে গাড়ী চলোৱা শিকিবলৈ গৈ দুৰ্ঘটনাত পতিত হৈ ভুৱন বাদ্যকাৰ চিকিৎসালয়তো ভৰ্তি হ’বলগীয়া হয়৷
এই ভুৱন বাদ্যকাৰে এইবাৰ নিজৰ বাহন দুৰ্ঘটনাৰ ওপৰতে এটা গীত ৰচনা কৰিছে৷ হাস্পতালত চিকিৎসাধীন অৱস্থাতে ভুৱন বাদ্যকাৰে তেওঁৰ নিজৰ দুৰ্ঘটনাৰ ওপৰত এটা গান ৰচনা কৰিছে৷
লগতে পঢ়ক এই লক্ষণ দেখিলেই বুজিব স্ত্ৰী তৃতীয় ব্যক্তিৰ প্ৰতি আসক্ত! সেই লক্ষণসমূহ কি কি?
উক্ত গানটোত ভুৱন বাদ্যকাৰে নিজে কণ্ঠদান কৰাৰ লগতে ভিডিঅ’ও কৰিছে৷ গীতটোত ভুৱন বাদ্যকাৰে নিজা ভংগীৰে নৃত্য কৰি কৰি কণ্ঠদান কৰা বুলি জানিব পৰা গৈছে৷
অৱশ্যে গীতটো এইবাৰ সামাজিক মাধ্যমত ভাইৰেল কৰি দিয়া নহয়৷ গীতটো নিৰ্দিষ্ট সময়ত প্ৰথমতে এক নিৰ্দিষ্ট প্লেটফৰ্মত মুকলি কৰি দিয়া হ’ব৷
‘কাচা বাদাম’ৰ দৰেই ভুৱন গামৰ নতুন গীত ‘আমাৰ নতুন গাড়ী’তে ’কাচা বাদাম’ৰ দৰে জনপ্ৰিয় হয় নে নহয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ