জানুৱাৰী মাহৰ মাজভাগত সূৰ্যৰ নক্ষত্ৰলৈ গমন কৰিব বুধে৷ বুধৰ এই গমনে কেইবাটাও ৰাশিৰ বাবে ভাল খবৰ কঢ়িয়াই আনিব৷ আৰ্থিকভাৱে লাভৱান হোৱাৰ লগে লগেই বাঢ়িব ব্যক্তিৰ সন্মানো৷ বুদ্ধিমত্তাৰ প্ৰতীক গ্ৰহ হৈছে বুধ৷ ১৫ জানুৱাৰী, ২০২৬ বৃহস্পতিবাৰে পুৱা ৯.২৩ মিনিটত সূৰ্যৰ নক্ষত্ৰ উত্তৰাষাঢ় নক্ষত্ৰত প্ৰৱেশ কৰিব বুধে৷ যাৰ প্ৰভাৱত আৰ্থিক লাভৰ পৰা আৰম্ভ কৰি প্ৰেমৰ সম্পৰ্কতো উন্নতি হব এই ৪ ৰাশিৰ জাতকৰ৷ বছৰৰ প্ৰথম মাহত জীৱনত ইতিবাচক পৰিবৰ্তন আহিব কেইটামান ৰাশিৰ জাতকৰ৷
বৃষ ৰাশি
সূৰ্যৰ নক্ষত্ৰত বুধৰ গোচৰে বৃষ ৰাশিৰ জাতকৰ বাবে ইতিবাচক ফল কঢ়িয়াই আনিব পাৰে৷ জীৱনত সকলো ক্ষেত্ৰতে সাফল্য পাব পাৰে৷ সম্পৰ্কৰ ক্ষেত্ৰত বুজাপৰা আৰু ভালপোৱা বাঢ়িব৷ কৰ্মক্ষেত্ৰত দীৰ্ঘদিনৰ পৰিশ্ৰমৰ ইতিবাচক ফল পাব৷ বুধৰ এই গোচৰে স্বাস্থ্যৰ ওপৰতো ইতিবাচক প্ৰভাৱ পেলাব৷ ধীৰে ধীৰে পুৰণি অসুস্থতা দূৰ হৈ স্বাস্থ্যৰ উন্নতি হব৷ বিবাহিত ব্যক্তিয়ে জীৱনত ইতিবাচক পৰিবৰ্তন অনুভৱ কৰিব৷
মিথুন ৰাশি
সূৰ্যৰ নক্ষত্ৰত বুধৰ গোচৰে মিথুন ৰাশিৰ বাবে শুভ ফল কঢ়িয়াই আনিব পাৰে৷ সামাজিক পৰিসৰ আৰু সন্মান বৃদ্ধি পাব৷ স্বাস্থ্যগত সমস্যাৰ সমাধান হব৷ দাম্পত্যত সমস্যাৰ অৱসান হব৷ প্ৰেম বাঢ়িব৷ চিংগলসকলেও প্ৰেমৰ প্ৰস্তাৱ পাব পাৰে৷ পুৰণি পৰিকল্পনা অনুসৰি কাম শেষ কৰিব পাৰিব৷
তুলা ৰাশি
তুলা ৰাশিৰ জাতকৰ বাবে বুধৰ উত্তৰাষাঢ় নক্ষত্ৰত প্ৰৱেশ অনুকূল হব৷ এই সময়ত আৱেগত বশত কোনো সিদ্ধান্ত নোলোৱাই ভাল৷ প্ৰেমৰ ক্ষেত্ৰত ইতিবাচক ফল পাব৷ নতুন সম্পৰ্ক আৰম্ভ কৰাৰ বাবে এই সময় ভাল৷ ভাৱিচিন্তি সিদ্ধান্ত ল’লে শুভ ফল পাব পাৰে৷ পৰিয়ালত আপোনাৰ সন্মান বৃদ্ধি পাব৷ আপোনাৰ মতামতক অগ্ৰাধিকাৰ দিয়া হ’ব৷
মীন ৰাশি
বুধৰ সূৰ্যৰ ৰাশিত প্ৰৱেশ মীন ৰাশিৰ বাবেও শুভ প্ৰমাণিত হব পাৰে৷ সতৰ্ক আৰু সজাগ হৈ সিদ্ধান্ত ল’লে ভৱিষ্যতে তাৰ শুভ ফল পাব পাৰে৷ ব্যৱসায়ত লাভ বাঢ়িব৷ ব্যৱসায় বঢ়োৱাৰ সুযোগ হাতলৈ আহিব পাৰে৷ ভাল সময় কটাব৷ পৰিয়ালৰ সদস্যসকলৰ মাজত অশান্তি কমিব৷ মানসিক চাপৰ অৱসান হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















