জ্যোতিষশাস্ত্ৰমতে বুধৰ গোচৰৰ দৰে নক্ষত্ৰ পৰিবৰ্তনো খুবেই গুৰুত্বপূৰ্ণ৷ আৰু অংকই কৈছে ৭ মে অৰ্থাৎ আজি বুধে ভৰণী নক্ষত্ৰত প্ৰৱেশ কৰিছে৷ আৰু এই নক্ষত্ৰৰ অধিপতি হৈছে শুক্ৰ৷ আৰু শুক্ৰৰ সৈতে বুধৰ ভাল বন্ধুত্ব আছে৷ সেয়ে এই দুই গ্ৰহ একেলগে মিলি গ’লে কিছু ৰাশিৰ জীৱনলৈ ভাল সময় আহে৷ বিশেষকৈ ব্যৱসায়ত উন্নতি হয়৷ ইয়াৰোপৰি জীৱনত সুখ সুবিধাৰ অভাৱ নহয়৷ আৰু জ্যোতিষমতে আজিও ইয়াৰ অন্যথা নহয়৷ বুধ ভৰণী নক্ষত্ৰত প্ৰৱেশৰ ফলত কেৰিয়াৰত নতুন উচ্চতাত উপনীত হ’ব, ডাঙৰ কোনো চাকৰি পাব পাৰে৷ জানি থওক লাকী ৩ৰাশি কি কি?
মিথুন ৰাশি
এই ৰাশিৰ জাতকৰ বাবে এই সময় ভাল৷ আপোনাৰ কমিউনিকেছন স্কিল বাঢ়িব৷ ব্যৱসায়ত ডাঙৰ ডিল চহী কৰিব পাৰে৷ নতুন প্ৰজেক্ট আৰম্ভ কৰিব পাৰে৷ এই সময়ত বিনিয়োগত ভাল লাভ পাব৷ বৃহৎ ৰিটাৰ্ণ পাব পাৰে৷ ইয়াৰ সৈতে চাকৰিৰো সুযোগ আহিব৷ মিথুন ৰাশিৰ জাতক জাতিকাই এই সময়ত ভাল সময়ত ভাল সময় কটোৱাৰ বাবে সাজু হওক৷
কন্যা ৰাশি
ভৰণী নক্ষত্ৰত প্ৰৱেশ কৰিছে বুধে৷ যাৰ ফলত আৰ্থিক অৱস্থা সলনি হ’ব কন্যা ৰাশিৰ জাতকৰ৷ আপোনাৰ অভাৱ অনাটন দূৰ হব৷ হাতলৈ আহিব প্ৰচুৰ ধন৷ ইনকাম বঢ়াৰ প্ৰৱল সম্ভাৱনা আছে৷ ব্যৱসায়ীয়ে নতুন সুযোগ পাব৷ বৃহৎ প্ৰজেক্ট আহিব পাৰে৷ পুৰণি ক্লায়েণ্টে আকৌ প্ৰজেক্টত ৰিনিউ কৰিব পাৰে৷ এই সময়ত কৰা বিনিয়োগে ভৱিষ্যতে ভাল লাভ দিব৷ ধন বাঢ়িব৷ চিন্তাৰ কাৰণ নাই৷
ধনু ৰাশি
এই ৰাশিৰ বাবেও এই সময় শুভ৷ শুক্ৰৰ প্ৰভাৱত সুখ সুবিধা বাঢ়িব৷ ব্যৱসায়ত আগুৱাই যাব৷ আৰ্থিক স্থিতি মজবুত থাকিব৷ পাৰ্টনাৰশ্বিপত লাভ হব৷ বহু দিন ধৰি ৰৈ থকা কাম এইবাৰ শেষ হব৷ নতুন কণ্টেক্ট কৰিব পাৰে৷ এই সময়ত জীৱনলৈ সুখ আহিব৷ বহু অশান্তিৰ পৰা মুক্তিলাভ কৰিব৷ ভাল সময় কটোৱাৰ বাবে সাজু হওক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















