বৈবাহিক জীৱনত সন্মতিৰ বিৰুদ্ধে সম্পৰ্ক কোনো আইনী নহয় বৰঞ্চ সামাজিক বিষয়
কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত কয় যে পত্নীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰা স্বামীক যদি ধৰ্ষণ বুলি শাস্তি প্ৰদান কৰা হয় তেন্তে ইয়াৰ ফলত বৈবাহিক জীৱনত গুৰুতৰ প্ৰভাৱ পৰিব পাৰে। বৈবাহিক ধৰ্ষণক অপৰাধমূলক বুলি গণ্য কৰা কেইবাখনো আবেদনৰ বিৰোধিতা কৰি চৰকাৰে শপতনামা দাখিল কৰিছে। এই গোচৰত শীর্ষ আদালতে সিদ্ধান্ত ল’ব যে পত্নী সঠিক বয়সৰ নহয় তেন্তে সেই পত্নীৰ সৈতে বলপূৰ্বকভাৱে যৌন সম্পৰ্ক স্থাপন কৰাৰ বাবে স্বামীক শাস্তি দিব পাৰি নেকি?
ভাৰতীয় দণ্ডবিধিৰ (আই পি চি) ধাৰা ৩৭৫ৰ এক বিশেষ নিয়ম ব্যতিক্ৰম-২ অনুসৰি যদি পত্নী নাবালক নহয় তেন্তে স্বামীয়ে তেওঁৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰাটো ধৰ্ষণ বুলি গণ্য কৰা নহ’ব। আনকি নতুন আইনখনৰ অধীনতো ধাৰা ৬৩ৰ ব্যতিক্ৰম ২ত স্পষ্ট কৰি দিয়া হৈছে যে স্বামীয়ে পত্নীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰাটো ধৰ্ষণ নহয়।
কেন্দ্ৰই শপতনামাত কয় যে যদি এই ব্যতিক্ৰমক অসাংবিধানিক বুলি বাদ দিয়া হয় তেন্তে ইয়াৰ প্ৰভাৱ বিবাহৰ সম্পৰ্কত গভীৰ হ’ব। ইয়াৰ ফলত বৈবাহিক জীৱনত গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে আৰু সম্পৰ্কত যথেষ্ট অস্থিৰতা আহিব পাৰে বুলি চৰকাৰে সকীয়াই দিয়ে। লগতে ইয়াকো কোৱা হৈছে যে দ্ৰুতগতিত পৰিৱৰ্তিত সামাজিক আৰু পাৰিবাৰিক গাঁথনিতো নতুন বিধানসমূহৰ অপব্যৱহাৰ হোৱাৰ সম্ভাৱনা আছে, কিয়নো সন্মতি আছিল নে নাই প্ৰমাণ কৰাটো কঠিন হ’ব পাৰে।
কেন্দ্ৰই কয় যে এই বিষয়ত সঠিক সিদ্ধান্ত ল’বলৈ সকলো ৰাজ্যৰ সৈতে এক ব্যাপক আলোচনাৰ প্ৰয়োজন আছে, কাৰণ এই বিষয়টোৱে সমাজত প্ৰত্যক্ষ প্ৰভাৱ পেলাব পাৰে। চৰকাৰে স্পষ্টকৈ উল্লেখ কৰে যে বিবাহত মহিলাৰ সন্মতি ভংগ কৰাটো অবৈধ আৰু শাস্তিযোগ্য হ’ব লাগে। কিন্তু বিবাহৰ ভিতৰত এনেধৰণৰ উলংঘাৰ পৰিণতি বাহ্যিক সম্পৰ্কৰ পৰা পৃথক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ