আজিয়েই শেষ দিন৷ অৱসৰ লৈছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে৷ অৱসৰৰ পূৰ্বে আজি অৰ্থাৎ শুকুৰবাৰে তেওঁক বিদায় সম্বৰ্ধনা জনালে উচ্চতম ন্যায়ালয়ে৷ বিদায় সম্ভাষণত হাতযোৰ কৰি সকলোকে নমস্কাৰ জনাইছে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে৷ হাতযোৰ কৰি তেওঁ সকলোকে উদ্দেশ্য কৰি কয়, ‘যদি কোনোৱে মোৰ সিদ্ধান্তসমূহক লৈ আঘাত পাইছে তেওঁলোকৰ ওচৰত মই ক্ষমাপ্ৰাৰ্থী৷’
চেৰিমনিয়েল বেঞ্চৰ অধিবক্তাসকলে বিদায়ী মুখ্য ন্যায়াধীশত সম্বোধন কৰি কয়, ‘দেশৰ বিচাৰ বিভাগে অনাদি কাললৈ তেওঁৰ অৱদানৰ কথা মনত ৰাখিব৷’ এই বিদায় অনুষ্ঠানত উপস্থিত আছিল অভিষেক মনু সিংভি আৰু কপিল ছিব্বলো৷ সিংভিসহ কেইবাজনো অধিবক্তাই মুখ্য ন্যায়াধীশক কয়, ‘আপোনাৰ যৌৱনৰ ৰহস্য শেষ সময়ত আমাকো কৈ যাওক৷’
তেওঁলোকৰ এই দাবীৰ পাছতেই কৰ্মজীৱনৰ আৰম্ভণিৰ দিনসমূহৰ কথা স্মৰণ কৰে৷ তেওঁ কয়, ‘তৰুণ বয়সত এই আদালতলৈ আহিছিলো৷ খুটি নাটি চাইছিলো এই আদালতক৷’ ইয়াৰ সৈতে যোগ দিছিল, ‘নিশাবোৰত ভাৱিছিলো, দুপৰীয়া ২বজাত আদালত খালি থাকে তেতিয়া মই নিজকে স্ক্ৰিণত চাম৷ আপোনালোকৰ সকলোৰে উপস্থিতিত মই অভিভূত৷ মই ইয়ালৈ তীৰ্থযাত্ৰীৰ দৰেই আহিছো৷ চৰাইৰ দৰে অলপমান সময়ৰ বাবে আমি কাম কৰো আকৌ উৰা মাৰো৷ বিভিন্ন দৃষ্টিভংগীৰ ভিন্ন মানুহে এই প্ৰতিষ্ঠানৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখিব৷’
ইতিমধ্যেই উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে সঞ্জীৱ খান্নাৰ নাম প্ৰস্তাৱ কৰিছে বিদায়ী মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে৷ বিদায়ী ভাষণত সঞ্জীৱ খান্নাৰো নাম লৈছে চন্দ্ৰচূড়ে৷ তেওঁ কয়, ‘মই জানো, মোৰ পাছত যি এই আসনত বহিব তেওঁ অত্যন্ত স্থিতধী, দৃঢ়, ন্যায়াধীশ খান্না অত্যন্ত অমায়িক এজন ব্যক্তি৷ আদালতক লৈ তেওঁ খুবেই সচেতন হোৱাৰ ওপৰিও ঐতিহাসিক দৃষ্টিভংগীৰে সমৃদ্ধ ব্যক্তি৷ বিচাৰ ব্যৱস্থা আৰু ন্যায়বিচাৰৰ প্ৰতি তেওঁ প্ৰতিশ্ৰুতিবদ্ধ৷’
চেৰিমোনিয়েল বেঞ্চত তালিকাভুক্ত হোৱাৰ পূৰ্বে তেওঁ যিমান পাৰে সিমান গোচৰৰ পৃষ্ঠা লুটিয়াই চাই গৈছে৷ যাৰ বাবে চন্দ্ৰচূড়ৰ বিদায় ক্ষণটোকো মনত ৰাখিব প্ৰায়সংখ্যকেই৷ উচ্চতম ন্যায়ালয়ত তেওঁ দিয়া শেষ ভাষণত কয়, ‘বিগত সময়ত আদালতৰ কৰ্মীয়ে মোক সুধিছিল, ছেৰিমনিয়েল বেঞ্চত কেতিয়া তালিকাভুক্ত হ’ব আপুনি? তেতিয়া মই তেওঁলোকক কৈছিলো, যিমান বেছি সম্ভৱ তাৰপূৰ্বে মই গোচৰ শুনিম৷ শেষ সময় পৰ্যন্ত মই ন্যায়বিচাৰ কৰি যাব খুজিছো৷ এই আদালতে মোক আগুৱাই লৈ গৈছে৷ মোক চালনা কৰিছে৷ এনে মানুহৰ সৈতে মোৰ অহৰহ দেখা হয় যাক মই চিনিয়েই নাপাও৷ আপোনালোক সকলোকে ধন্যবাদ জনাই মোৰ কাৰ্যকাল শেষ কৰিছো৷ জীৱনত বহু কথা শিকিছো, বুজিছো৷ কোনো গোচৰেই এটা আনটো গোচৰৰ সৈতে মিল নাই৷ যদি কেতিয়াবা আঘাত কৰিছো ক্ষমা কৰিব৷ বিপুল উপস্থিতিৰ বাবে আপোনালোক সকলোকে ধন্যবাদ৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ