নগদ লেনদেনৰ তুলনাত UPIলেনদেন বাঢ়িছে দেশত৷ এটা সময় আছিল যেতিয়া নগদ টকাৰ সলনি কাৰ্ড ট্ৰানজেকশ্ব্যন আছিল প্ৰথম পছন্দ? ইউনিফায়েড পেয়েণ্টছ ইণ্টাৰফেছ, সংক্ষেপে UPI আহি নগদ ধনৰ লেনদেন কমাই দিছে৷ কিবা সামগ্ৰী ক্ৰয় কৰাই হওক বা আপুনি খাদ্য গ্ৰহণ কৰিবলৈকে হওক সকলোতেই UPI লেনদেন চলে৷ শেহতীয়াকৈ সেই UPI লেনদেনতেই আহিব সালসলনি৷
যিসকলে UPI পেমেণ্ট এপ ব্যৱহাৰ কৰে তেওঁলোকৰ বাবে এই খবৰ জানি থোৱাটো খুবেই প্ৰয়োজন৷ প্ৰকৃততে ১ ফেব্ৰুৱাৰীৰ পৰা কোনো UPI এপত লেনদেন আই ডি তৈয়াৰ কৰিবলৈ বিশেষ আখৰ ব্যৱহাৰ কৰিব নোৱাৰিব৷ যদি কোনো এপ লেনদেন আইডিত বিশেষ আখৰ ব্যৱহাৰ কৰা হয় তেতিয়া চিষ্টেমে সেই অৰ্থপ্ৰদান বাতিল কৰিব৷ নেশ্ব্যনেল পেমেণ্ট কৰ্পোৰেচন অফ ইণ্ডিয়া ব্যৱসায়িক ব্যৱহাৰকাৰীসকলৰ বাবে এই নিৰ্দেশিকা জাৰি কৰিছে, ই সাধাৰণ গ্ৰাহককো প্ৰভাৱিত কৰিব পাৰে৷
কিয় এই পৰিবৰ্তন অনা হৈছে?
NPCI UPI লেনদেন আইডি তৈয়াৰৰ প্ৰক্ৰিয়াক মানসন্মত কৰিব খুজিছে৷ সেয়ে সকলো কোম্পানীক লেনদেন আই ডিত কেৱল মাত্ৰ আলফানিউমেৰিক আখৰ যোগ কৰাৰ নিৰ্দেশ দিছে৷ আগন্তুক ১ ফেব্ৰুৱাৰীৰ পৰা এইসমূহ আদেশ কাৰ্যকৰী হ’ব৷ অৰ্থাৎ কোনো এপত যদি এই আদেশসমূহ নকৰে তেন্তে UPIৰ মাধ্যমেৰে অৰ্থ প্ৰদান সম্পূৰ্ণ নহ’ব৷ আদেশ মানি চলাৰ দায়িত্ব এপৰ ওপৰত দিয়া হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ