অসম লাইভ২৪ঃ এপ্ৰিল মাহৰ শেষ সপ্তাহত মীন ৰাশিত চাৰি গ্ৰহণ মিলন হ’ব। জ্য়োতিষ গণনা অনুসৰি ১০০ বছৰ পাছত মীন ৰাশিত জুঁটি বান্ধিব মঙ্গল, বুধ,শুক্ৰ আৰু ৰাহুৱে। এই ৰাশিতেই বৰ্তমান ৰাহু, বুধ আৰু শুক্ৰই বিচৰণ কৰিছে। ২৩ এপ্ৰিলত এই স্থানতেই প্ৰৱেশ কৰিব গ্ৰহৰ সেনাপতি মঙ্গলে। যাৰ ফলত শুভ চতুৰ্গ্ৰহী যোগ তৈয়াৰ হৈছে। ইয়াৰ ফলত কেইটামান ৰাশিৰ ভাগ্যোদয় হ’ব। ধন-সম্পত্তি বৃদ্ধি পাব। মঙ্গলৰ মীন ৰাশিত প্ৰৱেশে সৃষ্টি কৰিব চতুৰ্গ্ৰহী যোগৰ। এই যোগ কোন কোন ৰাশিৰ জাতকৰ বাবে শুভ জানেনে?
মিথুন ৰাশি
চতুৰ্গ্ৰহী যোগ মিথুন ৰাশিৰ জাতকৰ বাবে শুভ। আপোনাৰ গোচৰ কোষ্ঠীৰ কৰ্মস্থানত এই যোগ তৈয়াৰ হৈছে। কাম আৰু ব্যৱসায়ত ভাল উন্নতি হ’ব। বেকাৰসকলে চাকৰি লাভ কৰিব। মিথুন ৰাশিৰ চাকৰিয়াল জাতকৰ পদোন্নতি হ’ব। ধন বৃদ্ধিৰো যোগ আছে।
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ জাতকৰ বাবে চতুৰ্গ্ৰহী যোগ লাভজনক প্ৰমাণিত হ’ব। আপোনাৰ ৰাশিৰ নৱম স্থানত এই যোগ তৈয়াৰ হৈছে। এই সময়ত ভাগ্যৰ সংগ পাব কৰ্কট ৰাশিৰ জাতকে। পৈতৃক সম্পত্তিৰ দ্বাৰা লাভাম্বিত হ’ব। চাকৰিয়াল জাতকৰ পদ প্ৰতিষ্ঠা বৃদ্ধি পাব। ধৰ্মীয় শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। পাৰিবাৰিক জীৱন ভালেই চলিব। সমাজত মান-সন্মান বৃদ্ধি পাব এই ৰাশিৰ জাতকৰ। দেশ-বিদেশৰ যাত্ৰা কৰিব পাৰে।
ধনু ৰাশি
জ্য়োতিষ গণনা অনুসৰী মীন ৰাশিত মঙ্গল, বুধ, শুক্ৰই ৰাহুৰ যুঁটি ধনু ৰাশিৰ জাতকৰ বাবে শুভ। আপোনাৰ ৰাশিৰ চতুৰ্থ স্থানত এই যোগ তৈয়াৰ হ’ব। সমস্ত সুখ সুবিধা লাভ কৰিব এই ৰাশিৰ জাতকে। উন্নতিৰ নতুন সুযোগ লাভ কৰিব পাৰিব। আপুনি উপহাৰ আৰু সন্মান পাব। বাহন বা সম্পত্তি ক্ৰয়ৰ যোগ আছে। পৈতৃক সম্পত্তিৰ দ্বাৰা লাভাম্বিত হ’ব। আৰ্থিক পৰিস্থিতি উন্নত হ’ব পাৰে এই সময়ত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ