যোৱা এটা পষেক ধৰি অসমত বানে সৃষ্টি কৰিছে ভয়ংকৰ পৰিস্থিতিৰ। নামনি আৰু মধ্য অসমত বানে জনজীৱন স্তব্ধ কৰি পেলাইছে। দৰং, নগাও, মৰিগাও, কামৰূপ আৰু নলবাৰীত এইবাৰে ধাৰণ কৰিছে কালৰূপ। হাজাৰ হাজাৰ হেক্টৰ মাটিৰ খেতি ধ্বংস হোৱাৰ লগতে লাখ লাখ মানুহে আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে।
খাদ্য আৰু পানীৰ অভাৱত কলমলাইছে বানাক্ৰান্ত মানুহে। বিশেষকৈ নলবাৰী জিলাৰ বৰভাগত নোনা আৰু পাগ্লাদিয়া নদী ভঙাৰ ফলত মানুহৰ দুৰ্যোগ কল্পনা কৰিব নোৱাৰা বিধৰ। দুৰ্ভিক্ষ পীড়িত শ্ৰীলংকাৰ দৰে এসাজ ভাতৰ বাবে হাহাকাৰ কৰিছে জনতাই। এনে দুৰ্যোগৰ মাজতে এইবাৰ সকলোৰে দৃষ্টি কাঢ়িছে এটা বিশেষ যুৱকৰ দলে।
বানপানী আৰম্ভ হোৱাৰে পৰা দিন ৰাতি বানাক্ৰান্ত শিবিৰত খাদ্য ব্যৱস্থা কৰাৰ লগতে ২৪০০ ঘৰ পৰিয়ালক যোগান ধৰিছে খাদ্যৰ টোপোলা আৰু শিশুৰ খাদ্য। অৰাজনৈতিক স্বেচ্চাসেবী চিফুং দ্য আৰ্টিষ্ট, পূব নলবাৰী যুৱ সমাজ আৰু টীম পাগলাদিয়াৰ দলটোত আছে ১৫ বছৰীয়া ১০ জন চেমনীয়াৰ লগতে ৭২ বছৰীয়া বয়োজেষ্ঠ্য ব্যক্তি।
লগতে পঢ়ক অনলাইন ক্লাছত অশ্লীল ছবি প্ৰদৰ্শন! যৌনাংগ প্ৰদৰ্শন দুই অশিষ্ট শিক্ষাৰ্থীৰ
কবি প্ৰণৱ কুমাৰ বৰ্মনৰ পৰিকল্পনা আৰু নেতৃত্বত গঢ় লৈ উঠা এই দলটো তদাৰক কৰিছে যোগেন কলিতা, ভাস্কৰ তালুকদাৰ, ভবেশ কলিতা,পংকজ ভাইটী, চুনু সঞ্জয়, অনুপ বৰ্মন, উৎপল বৈশ্য, দশৰথ বৰ্মন, শৈলেন সাধু, হিতেশ বৰ্মন আৰু শ্বাহ আলমে। কামত সহায় কৰিছে ৰাজ, বিকি, চিন্তু, চম্পক, চিন্ময়ৰ দৰে চেমনীয়াসকলে।
চৰকাৰ প্ৰশাসনতকৈ বানাক্ৰান্তৰ বাবে এই দলটো হৈ পৰিছে অধিক ভৰষাৰ স্থল। ইতিমধ্যে এই দলটোৰ ওচৰত সহায়ৰ বাবে থিয় হৈছে ৰাজ্য খনৰ লগতে বিদেশৰো কেবাজনো ব্যক্তিয়ে। বহু লোকে স্বেচ্ছাই বানাক্ৰান্তৰ সহায়ৰ বাবে দলটোক যোগান ধৰিছে বিভিন্ন সামগ্ৰী। ইতিমধ্যে দলটোৱে বৰভাগৰ লগতে সন্ধা,চেংনৈ, দোকোহা, কেন্দুকুছি, বৰ্মন চুবুৰী, পিপলীয়া, পাইকাৰকুছি, খাৰবান্ধা, কটকীয়া, ঘগ্ৰাপাৰ, সস্তাৰকে ধৰি বৃহত্তৰ অঞ্চলত খাদ্যৰ যোগান ধৰিছে৷ ইফালে পূব নলবাৰী কলেজ, বোধিদ্ৰুম, ৰাজকদমতল, পাইকাৰকুছিৰ 8 টা শিবিৰত ৰন্ধা খাদ্য যোগান ধৰিছে।
কবি প্ৰণৱ কুমাৰ বৰ্মনৰ নেতৃত্বত গঢ়ি উঠা দলটোৰ কাম কাজ এতিয়া সমগ্ৰ অসমতে চৰ্চিত হৈ পৰিছে। অৱশ্যে বৰভাগত গ্ৰামীণ বিকাশ মঞ্চ আৰু সন্ধান নামৰ অনুস্থান দুটিয়েও যুদ্ধংদেহীভাবে বানাক্ৰান্ত সকলৰ বাবে কাম কৰি গৈছে। কালাগতো কেবাঘৰো দৰিদ্ৰ পৰিয়ালক খাদ্য যোগান ধৰাৰ লগতে চিফুং দ্য আৰ্টিষ্টক অঞ্জনা ভট্টাচাৰ্য আৰু চিন্ময় শৰ্মাই আগবঢ়োৱা ধন ৰাশি কৰ্ম হেৰুওৱা ৬০ টা পৰিয়ালক ভগাই দিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ