অতিকে শোকাৱহ, নিৰ্মাণাধীন ফেক্টৰীৰ চিমনি ভাঙি ২৫ৰো অধিক লোক আৱদ্ধ, মৃত্যুৰ আশংকা
ছত্তীশগড় জিলাৰ মুংগেলীৰ নিৰ্মাণাধীন কুশম প্লাণ্টত এক অতিকে শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছে। নিৰ্মাণাধীন ফেক্টৰীটোৰ চিমনি ভাঙি পৰাৰ ফলত ২৫ৰো অধিক লোক ধ্বংসাৱশেষৰ তলত পোত গৈছে। ইয়াৰে অধিকাংশ লোকৰ প্ৰাণহানীৰ আশংকা।
প্ৰশাসনৰ তথ্য অনুসৰি, মুঠ ২৫ জন লোকক ধ্বংসাৱশেষৰ তলত পোত গৈছে, ইয়াৰে দুজন লোকক গুৰুতৰ অৱস্থাত উদ্ধাৰ কৰি চিকিৎসাৰ বাবে বিলাসপুৰলৈ প্ৰেৰণ কৰা হৈছে। ধ্বংসাৱশেষৰ তলত এতিয়াও পোত গৈ আছে কেইবাগৰাকী লোক।
বৰ্তমান সময়ত কিমান লোকৰ মৃত্যু হৈছে সেয়া স্পষ্ট হোৱা নাই। ধ্বংসাৱশেষত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে অব্যাহত আছে উদ্ধাৰ অভিযান।
ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীৰ দলটোৱে সেই স্থানত উপস্থিত হয়। নিকটৱৰ্তী জিলাৰ পৰাও প্ৰশাসনৰ দল আহি আছে। সাহায্য আৰু উদ্ধাৰ অভিযান চলি আছে।
জানিব পৰা মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত প্লাণ্টটোত লোহাৰ পাইপ নিৰ্মাণ কৰা হৈছিল। বৰ্তমান উদ্ধাৰৰ কাম চলি আছে। এই দুৰ্ঘটনাত বহু শ্ৰমিকৰ মৃত্যুৰ আশংকা। তথ্য লাভ কৰাৰ লগে লগে স্থানীয় গাঁওবাসী আৰু স্থানীয় জনপ্ৰতিনিধিসকলো সেই স্থানত উপস্থিত হয়। সকলোৱে উদ্ধাৰ কামত নিয়োজিত।
অন্য শ্ৰমিকৰ পৰা জানিব পৰা মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত শ্ৰমিকসকলে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি আছিল। যাৰ বাবেই এইদৰে বহু লোক ধ্বংসাৱশেষৰ মাজত আৱদ্ধ হৈ পৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ