অসম লাইভ ২৪ঃ পুনৰ বক্স অফিচলৈ আহিব হিট ছবি ‘দিলৱালে দুলহানীয়া লে জায়েংগে’। কাজল-শ্বাহৰুখ যুটিৰ চিনেমাখন পুনৰ ঘূৰি আহিব চিনেমা হললৈ। মুক্তিৰ ৰূপালী জয়ন্তী বর্ষ উপলক্ষে পুনৰ চিনেমাখন মুক্তি দিয়া হ’ব। অৱশ্যে এইবাৰ ভাৰতীয় দর্শকৰ বাবে নহয়, বিদেশৰ দর্শকৰ বাবেহে ‘দিলৱালে দুলহানীয়া লে জায়েংগে’ মুক্তি দিয়াৰ প্ৰস্তুতি চলিছে। ১৮খন দেশত চিনেমাখন প্ৰদর্শনৰ ব্যৱস্থা কৰিছে আয়োজকে। আমেৰিকা, ব্ৰিটেইন, য়ুনাইটেড আৰৱ এমৰিটাছ, ছৌদি আৰৱ, কতৰ, মার্চিয়াছ, দক্ষিণ আফ্ৰিকা, নিউজিলেণ্ড, ফিজী, জার্মানী, নৰৱে, ছুইডেন, ছুইজাৰলেণ্ড, ইস্তোনিয়া আৰু ফিনলেণ্ডত চিনেমাখন মুক্তিৰ যো-জা চলিছে।
ইপিনে, ‘দিলৱালে দুলহানীয়া লে জায়েংগে’ৰ ২৫ বর্ষ পূর্তি উপলক্ষে লণ্ডনৰ লীচেস্তেৰ স্কোৱাৰত শ্বাহৰুখ আৰু কাজলৰ প্ৰতিমূর্তি উন্মোচন হ’ব। উল্লেখ্য আদিত্য চোপ্ৰা পৰিচালিত এই চিনেমাখনত অনুপম খেৰ, অমৰীশ পুৰী, সতীশ স্বাহ আদি শিল্পীৰ অভিনয়েও ভাৰতীয় দর্শকক মোহাচ্ছন্ন কৰি থৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ