নিৰ্বাচনী প্ৰচাৰ মাজতে এৰি হঠাতে কাৰ জন্মদিন খাবলৈ গুচি গ’ল ৰাহুল-প্ৰিয়ংকা…!
লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি তুংগত। কাইলৈ শুকুৰবাৰ ১৯ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। কাইলৈ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ হ’ব আৰু ইয়াৰ বাবে নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে সমাপ্ত হৈছে।
অৱশ্যে যিবোৰ অঞ্চলত এতিয়াও ভোটদানৰ সময় আছে, দ্বিতীয় আৰু তৃতিয় পৰ্যায়ৰ ভোট হবলৈ আছে, সেইবোৰ অঞ্চলত সকলো দলেই প্ৰচাৰত ব্যস্ত। কংগ্ৰেছৰ হৈ গান্ধী পৰিয়ালৰ সদস্যসকলেও সৰ্বশক্তিৰে প্ৰচাৰ চলাইছে। কংগ্ৰেছৰ মহাসচিব প্ৰিয়ংকা গান্ধী আৰু ৰাহুল গান্ধীয়েও দেশৰ বিভিন্ন প্ৰান্তত সভাত অংশগ্ৰহণ কৰি ভোটদানৰ আহ্বান জনাই আছে।
ইয়াৰ মাজতে দুয়ো ভাই-ভনী হঠাতে নিৰ্বাচনী প্ৰচাৰৰ পৰা আঁতৰি গৈছে। কাৰোবাৰ জন্মদিন উদযাপন কৰিবলৈ বুলি অব্যাহতি লৈছে প্ৰিয়ংকা আৰু ৰাহুল গান্ধী। আজি হঠাতে নিৰ্বাচনী প্ৰচাৰৰ পৰা আঁতৰত দেখা গ’ল দুয়োগৰাকী কংগ্ৰেছী নেতাকে।
কাৰণ হ’ল আজি বৃহস্পতিবাৰ ১৮ এপ্ৰিল গান্ধী পৰিয়ালৰ জোঁৱাই আৰু প্ৰিয়ংকাৰ স্বামী ৰবাৰ্ট ভাদ্ৰাৰ জন্মদিন। সেই উপলক্ষেই হঠাতে নিৰ্বাচনৰ পৰা আঁতৰি যায় প্ৰিয়ংকা আৰপ ৰাহুল গান্ধী।
https://x.com/irobertvadra/status/1780859674301972717
আজি ৱাদ্ৰাই ৫৫ সংখ্যক জন্মদিন উদযাপন কৰি জন্মদিনৰ ছবিও শ্বেয়াৰ কৰিছে। ৱাদ্ৰাৰ লগতে প্ৰিয়ংকা আৰু ৰাহুলকো দেখা যায়। সামাজিক মাধ্যম X (পূৰ্বৰ টুইটাৰ) ৰ জৰিয়তে শ্বেয়াৰ কৰে জন্মদিনৰ ফটো।
আনহাতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে ৰবাৰ্ট ৱাড্ৰাই। আজিকালি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ইংগিত ধাৰাবাহিকভাৱে দি আহিছে প্ৰিয়ংকাৰ স্বামীগৰাকীয়ে। শেহতীয়াকৈ তেওঁ কয় যে প্ৰয়োজন হ’লে আমেথিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰে।
উল্লেখ্য যে, কংগ্ৰেছে এতিয়াও প্ৰকাশ কৰা নাই আমেথি বা ৰায়ে বৰেলীৰ প্ৰাৰ্থীৰ নাম। সংবাদ সংস্থা এ এন আইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ভাদ্ৰাই কয় যে আমেথি, মোৰাদাবাদ আনকি হাৰিয়ানাৰ মানুহেও মোক সক্ৰিয় ৰাজনীতিত আহি নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ নিজৰ সমষ্টি বাছি ল’বলৈ অনুৰোধ জনাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ