২০২৮ অলিম্পিকত এইবাৰ ক্ৰিকেট, মুঠ কেইটা দলে কৰিব অংশগ্ৰহণ, ভাৰত থাকিবনে ?
১২৮ বছৰৰ ব্যৱধানৰ অন্তত ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকলৈ ঘূৰি আহিব ক্ৰিকেট। এই সন্দৰ্ভত বৃহস্পতিবাৰে আয়োজকসকলে এক ডাঙৰ কথা ঘোষণা কৰে। লছ এঞ্জেলছ অলিম্পিকৰ আয়োজকসকলে এই বহুজাতিক ইভেণ্টত ক্ৰিকেটৰ বাবে দলসমূহ চূড়ান্ত কৰিছে।
পুৰুষ আৰু মহিলা উভয় শাখাত ছটাকৈ দলে অংশগ্ৰহণ কৰিব। এই মেচসমূহ টি-২০ ফৰ্মেটত অনুষ্ঠিত হ’ব। উভয় শাখাতে শ্ৰেষ্ঠ ৩ টা দলে লাভ কৰিব সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক।
লাভ কৰা খবৰ অনুসৰি এতিয়ালৈকে পুৰুষ তথা মহিলা শাখাত , কোনো এটা ভাগতে দল চুড়ান্ত হোৱা নাই। কিন্তু পুৰুষ দলত ভাৰত, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা আদি দলে অংশ লোৱাৰ সম্ভাৱনা প্ৰৱল।
আনহাতে মহিলা ক্ৰিকেট শাখাত মহিলা দলে ৬ টা দলৰ ভিতৰতস্থান লাভৰ বাবে দিব লাগিব কেইবাটাও পৰীক্ষা। পৰীক্ষাৰ অন্তত ইংলেণ্ড, অষ্ট্ৰেলিয়া আৰু ভাৰতীয় মহিলা ক্ৰিকেট দলে স্থান পোৱাৰ সম্ভাৱনা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















