এগৰাকী কিশোৰীক অন্তঃসত্বা হোৱাৰ ঘটনাই বাক্সা জিলাৰ আঠীয়াবাৰীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে৷
ঘটনাৰ বিৱৰণীৰ মতে সংৰক্ষিত কেন্দ্ৰীয় আৰক্ষী বাহিনীৰ এগৰাকী জোৱানে প্ৰেমৰ চালনাৰে আঠীয়াবাৰীৰ এগৰাকী ১৭ বছৰীয়া কিশোলৰীৰ ওপৰত যৌন নিৰ্যাতন চলাই আহিছিল৷
২০৪ নং ৰেজিমেন্টৰ চিআৰপিএফৰ কোব্ৰাৰ জোৱান তথা বাক্সাৰে শালবাৰীৰ চমুৱা গাতিৰ কংকন দাসে ফেচবুকৰ জৰিয়তে কিশোৰীগৰাকীৰ সৈতে চিনাকি হয়৷
লগতে পঢ়ক সিৰাৰ মাধ্যমেৰে সেৱন কৰা ড্ৰাগছৰ ভয়াৱহতা
ইয়াৰ পিছতে কিশোৰীগৰাকীৰ সৈতে কথা বতৰা পাতিবলৈ আৰম্ভ কৰি জোৱানজনে শেষত প্ৰেমৰ প্ৰস্তাৱ প্ৰদান কৰে৷
জোৱানজনে ছুটিত ঘৰলৈ আহি প্ৰেমৰ চালনাৰে কিশোৰীগৰাকীৰে যৌন সম্পৰ্ক স্থাপন কৰে৷ কিশোৰীগৰাকীৰ মতে জোৱান কংকন দাসে তেওঁৰ ওপৰত বলপূৰ্বক যৌন নিৰ্যাতন চলাই আহিছিল৷ অৰ্থাৎ ধৰ্ষণ কৰি আহিছিল৷
ইয়াৰ পিছতে কিশোৰীগৰাকী অন্তঃসত্ত্বা হয়৷ অন্তঃসত্ত্বা হোৱাৰ পিছতে কিশোৰীগৰাকীয়ে সমস্ত ঘটনা পৰিয়ালৰ আগত বিৱৰি কয়৷ ঘটনাৰ বিষয়ে কিশোৰীগৰাকীৰ পৰিয়ালে অৱগত হোৱাৰ পিছতে দুয়োপক্ষই মীমংসা কৰাৰ বাবে এক সভা অনুষ্ঠিত কৰে৷
লগতে পঢ়ক ‘কৰমুক্ত কৰাৰ কি দৰকাৰ? ইউটিউবত আপলোড কৰক সকলোৱে চাব পাৰিব’
কিন্তু আৰক্ষীয়ে গোপন সূত্ৰে ঘটনাৰ বিষয়ে অৱগত হৈ জোৱানজনক কৰায়ত্ত কৰি আঠীয়াবাৰী আৰক্ষী চকীলৈ লৈ আনে৷
জানিব পৰা মতে চিৰআৰপি জোৱান কংকন দাস বিবাহিত আৰু দুই সন্তানৰ পিতৃ৷ ইফালে জোৱানজনে অন্তঃসত্বা কিশোৰীগৰাকীক চিকিৎসালয়লৈ নি গৰ্ভপাত কৰোৱাৰো প্ৰস্তাৱ দিছিল৷ স্থানীয় ৰাইজে এই কথা অৱগত হোৱাৰ পিছতে আঠীয়াবাৰীত পৰিস্থিতি উত্তপ্ত হৈ পৰে৷
একাংশ স্থানীয় ৰাইজে চিআৰপিএফ জোৱানগৰাকীৰ উচিত শাস্তি আৰু দৰিদ্ৰ পৰিয়ালৰ কিশোৰীগৰাকীৰ ন্যায়ৰ দাবীত নিশা আঠীয়াবাৰী আৰক্ষী চকী ঘেৰাও উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷
সম্প্ৰতি চিআৰপিএফ জোৱানগৰাকীক আঠীয়াবাৰী আৰক্ষীয়ে জিম্মাত ৰাখি জেৰা অব্যাহত ৰাখিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ