• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সিৰাৰ মাধ্যমেৰে সেৱন কৰা ড্ৰাগছৰ ভয়াৱহতা

সিৰাৰ মাধ্যমেৰে সেৱন কৰা ড্ৰাগছৰ ভয়াৱহতা

4 years ago
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

16 minutes ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

2 hours ago
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

4 hours ago
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

4 hours ago
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

4 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

5 hours ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

17 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

17 hours ago
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

18 hours ago
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

18 hours ago
Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

18 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

১০ লাখৰ FD নে ১০ হাজাৰৰ RD? ১০ বছৰৰ পিছত কোনে বেছি ৰিটাৰ্ণ পাব জানক

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সিৰাৰ মাধ্যমেৰে সেৱন কৰা ড্ৰাগছৰ ভয়াৱহতা

editor by editor
March 25, 2022
in অসম, স্বাস্থ্য
0
সিৰাৰ মাধ্যমেৰে সেৱন কৰা ড্ৰাগছৰ ভয়াৱহতা
0
SHARES
411
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডাঃ অমৃতাংশু বৰকাকতী

সুৰাপানৰ সমান্তৰালকৈ বৰ্তমান সময়ত বিভিন্ন ধৰণৰ ড্ৰাগছ সেৱনৰ ঘটনা অতিকেই সুলভ। ড্ৰাগছ অৰ্থাৎ হেৰ’ইন, ক’কেইন বা আফিং আদি নিচাযুক্ত পদাৰ্থৰ সেৱনৰ কথা কোৱা হৈছে। যদিওবা যিকোনো বয়সৰ ব্যক্তিয়েই ড্ৰাগছৰ কবলত পৰিব পাৰে, কিন্তু প্ৰধানতঃ বাঢ়ন্ত বয়সৰ ল’ৰা-ছোৱালী (কৈশোৰৰ পৰা যৌৱনপ্ৰাপ্তিৰ কালছোৱা) সহজেই ড্ৰাগছৰ কবলত পৰা দেখা যায়। কিছুদিন আগতেই বলীউদৰ তাৰকা অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰও এনেধৰণেই ড্ৰাগছজনিত অপৰাধৰ গোচৰত গ্ৰেপ্তাৰ হ’বলগা হৈছিল। আমাৰ সমাজতো বিশেষকৈ কলেজ পৰ্যায়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীয়ে খুব সহজেই এনেধৰণৰ নিচাৰ কবলত পৰা দেখা যায়, আৰু এই নিচাবোৰ ক্ৰয় কৰিবৰ বাবে প্ৰয়োজনীয় পইছাৰ অভাৱত পৰি একমাত্ৰ নিচাৰ কাৰণেই বহু সময়ত বিভিন্ন ধৰণৰ অপৰাধ পৰ্যন্ত কৰিবলৈয়ো পিছহুহকি নাযায়।

এতিয়া বিষয় হ’ল, সেৱনকাৰীয়ে এই ড্ৰাগছ বা নিচা সেৱন কি মাধ্যমেৰে কৰে? আৰু ইয়াৰ ফলস্বৰূপে সেৱনকাৰীজন কি কি শাৰীৰিক সমস্যা আৰু ইয়াৰ ফলত হ’ব পৰা জটিলতাৰ সন্মুখীন হয়? ড্ৰাগছ সেৱনকাৰীসকলে বিভিন্ন উপায় বা মাধ্যমেৰৰ ড্ৰাগছ সেৱন কৰে। কোনোবাই যদি মুখেৰে খাই, কোনোবাই নাকেৰে শুঙি বা আন কোনোবাই চিগাৰেটৰ দৰে হুপিও ড্ৰাগছ সেৱন কৰে। এইবোৰৰ ভিতৰত চিৰিঞ্জৰ মাধ্যমেৰে দেহৰ সিৰাৰে ড্ৰাগছ (ইনট্ৰাভেনাছ ড্ৰাগ য়ুজাৰ) দেহত ভৰাই দিয়াৰ প্ৰক্ৰিয়াটোৰ যোগেদিয়েই ড্ৰাগছ সেৱন কৰা ব্যক্তিজনে আটাইতকৈ তড়িৎ গতিত তেওঁৰ মনে বিচৰা নিচা পাবলৈ সক্ষম হয়। কাৰণ ড্ৰাগছ সেৱনৰ আন প্ৰক্ৰিয়াসমূহত এনেদৰে সিৰাৰে ড্ৰাগছ গ্ৰহণ কৰিলে নিচাযুক্ত পদাৰ্থসমূহ তাৎক্ষণিকভাৱে তেজত মিহলি হৈ পৰাৰ লগতেই আনকি মাত্ৰ ১ মিনিটৰ ভিতৰতেই মগজুতো ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰে।

এই প্ৰক্ৰিয়া যিমান তাৎক্ষণিক আৰু সহজ হয়, সিমানেই এই সিৰাৰে ড্ৰাগছ গ্ৰহণ কৰাৰ প্ৰক্ৰিয়াটোৱেই একেদৰেই শৰীৰটোকো তীব্ৰ জটিলতাৰ সন্মুখীন কৰোৱায়। প্ৰাধানতঃ এই প্ৰক্ৰিয়াৰে পোৱা তাৎক্ষণিক ফলাফলৰ বাবে এইদৰে ড্ৰাগছ গ্ৰহণ কৰাৰ আসক্তি বৃদ্ধি পোৱাৰো সম্ভাৱনাও প্ৰবল। এনেদৰে ড্ৰাগছ গ্ৰহণ কৰাৰ ফলত প্ৰধানতঃ হোৱা তিনিবিধ জটিল আৰু মাৰাত্নক ৰোগ হৈছে- হেপাটাইটিছ-বি, হেপাটাইটিছ-চি আৰু এইচ আই ভি-এইডছ। এই তিনিওবিধ ৰোগৰ বিষয়েই কম-বেছি পৰিমাণে সকলোৱেই অৱগত। আজি সিৰাৰ মাধ্যমেৰে কৰা ড্ৰাগছ সেৱন (IVDU) ফলত হোৱা এই ৰোগসমূহৰ সংক্ৰমণ আৰু ইয়াৰ ফলস্বৰূপে হ’ব পৰা জটিলতাবোৰৰ বিষয়ে কিছু আভাস দিবলৈ চেষ্টা কৰা হৈছে।

 

লগতে পঢ়ক জ্যেষ্ঠ ভগ্নীয়ে আৱেগিক আহ্বানেৰে কি ক’লে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক?

সমগ্ৰ বিশ্বব্যাপী ক্ৰমবৰ্দ্ধমান ড্ৰাগছ সেৱনৰ লগতেই এইদৰে সিৰাৰে ড্ৰাগছ গ্ৰহণৰ প্ৰক্ৰিয়াৰ পৰিসংখ্যাও চকুত লগাকৈ বৃদ্ধি পাইছে। গতিকেই দেখদেখকৈ ইয়াৰ ফলস্বৰূপে হোৱা হেপাটাইটিছ বি, হেপাটাইটিছ চি আৰু এইচ আই ভি এইডছ আক্ৰান্ত ৰোগীৰ সংখ্যাও স্বাভাৱিকতেই বৃদ্ধি পোৱা দেখা গৈছে। সহজভাৱে ক’বলৈ গ’লে হেপাটাইটিছে একপ্ৰকাৰৰ জণ্ডিচ ৰোগত মানৱদেহৰ যকৃতৰ আকাৰ বৃদ্ধি পোৱাৰ লগতেই যকৃতৰ ক্ষতি হয়। ভিন্ন ধৰণৰ ভাইৰাছৰ ফলত এই ৰোগবিধ হয়— হেপাটাইটিছ এ,বি,চি,ডি ইত্যাদি। ইয়াৰে হেপাটাইটিছ বি আৰু চি মানৱদেহৰ ভিন্ন দ্ৰব্য আৰু তেজৰ যোগেদি সংক্ৰমিত হোৱা ৰোগ। অৰ্থাৎ ড্ৰাগছ সেৱনকাৰীসকলে কৰা চিৰিঞ্জৰ ব্যৱহাৰ এই ৰোগৰ এক অন্যতম কাৰণ। আৰু নিচাসক্ত অৱস্থাত অসুৰক্ষিতভাৱে কৰা যৌন-সম্পৰ্কও একেধৰণে এই দুই ৰোগৰ বাহক হ’ব পাৰে।

বাৰম্বাৰ তথা দীৰ্ঘকালৰ বাবে যদিহে এজন ৰোগীয়ে এই দুবিধ ৰোগত ভূগি থাকিবলগা হয়, তেতিয়া ক্ৰমান্বয়ে সেই ৰোগীজনৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও একেদৰেই কমি গৈ থাকে৷ অৰ্থাৎ এই ৰোগৰ ভাইৰাছৰ সৈতে শৰীৰটোৱে যুঁজাৰ ক্ষমতা হেৰুৱাই পেলায়। হেপাটাইটিছ চিত আক্ৰান্ত ৰোগীৰ ভিতৰত আনুমানিক ৭৫-৮০% ৰেই এই ৰোগ বাৰম্বাৰ হয়। অৰ্থাৎ এবাৰ হৈ ভাল হোৱাৰ পিছত পুনৰ হয়। ইয়াৰ ফলস্বৰূপেই পৰৱৰ্তী সময়ত যকৃত বা লিভাৰৰ চিৰ’চিছ, লিভাৰ ফেইলিঅ’ৰ (যকৃত বিকল হোৱা) আৰু লিভাৰ কেন্সাৰ আদি মাৰাত্মক জটিল ৰোগত ভুগিবলৈ আৰম্ভ কৰে। নিশ্চিতভাৱে কোৱাৰ প্ৰয়োজন নাই যে-এনেবোৰ ৰোগ প্ৰাণনাশী হোৱাৰ সম্ভাৱনা কিমান! মূলতঃ ক্ৰমশঃ ক্ষতিগ্ৰস্ত হৈ পৰা যকৃতৰ প্ৰথমেই লিভাৰৰ চিৰ’ছিছৰ (যকৃতত লগা ঘাঁ‌ বা ক্ষত)পৰা আৰম্ভ কৰি যকৃতৰ কেন্সাৰ-হেপাট’চেলুলাৰ কাৰ্চিন’মা হোৱাৰ সম্ভাৱনা প্ৰবল। যদিওবা যকৃত চিৰ’ছিচৰ পৰা আৰম্ভ কৰি যকৃত বিকল হোৱা আৰু কেন্সাৰ হোৱালৈকে দীঘলীয়া এক সময়ৰ প্ৰয়োজন হ’ব পাৰে৷ কিন্তু এবাৰ এই হেপাটাইটিছ বি আৰু চিৰ দ্বাৰা যকৃততো এই পৰ্যন্ত ক্ষতিগ্ৰস্ত হ’লে, যকৃতৰ পুনৰুদ্ধাৰ একপ্ৰকাৰ অসম্ভৱ কথা হৈ পৰে।

 

লগতে পঢ়ক ‘দ্য কাশ্মীৰ ফাইলছ’ৰ বিপক্ষে মন্তব্য কৰা দলিত যুৱকক মন্দিৰত অত্যাচাৰ, ৭ যুৱকক গ্ৰেপ্তাৰ

এতিয়া আহো, মানৱ সভ্যতাৰ আন এক প্ৰাণনাশী ৰোগ এইচ আই ভি বা এইডছ বিষয়লৈ। এইচ আই ভি আৰু এইডছ একপ্ৰকাৰৰ এক সৰ্বজনবিদিত মহামাৰী। যাৰ প্ৰথম চিনাক্তকৰণ হৈছিল ১৯৮১চনত। প্ৰধানতঃ এইচ আই ভি ভাইৰাছৰ দ্বাৰা আক্ৰান্ত এজন ব্যক্তিৰ দেহৰ বিভিন্ন দ্ৰব্য জৰিয়তে এই ৰোগ আনজন ব্যক্তিলৈ বিয়পিব পাৰে। ঠিক হেপাটাইটিছ বি আৰু চিৰ দৰেই একেটি চিৰিঞ্জৰ দ্বাৰা ড্ৰাগছ গ্ৰহণ কৰাৰ লগতেই অসুৰক্ষিত যৌন সম্পৰ্কৰ যোগেদি এই ৰোগ সংক্ৰমিত হ’ব পাৰে। এইচ আই ভি হৈছে ভাইৰাছবিধৰ নামহে, যিবিধ ভাইৰাছৰ মানৱদেহত উপস্থিতিৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা ক্ষতিগ্ৰস্ত হয়। এবাৰ যদিহে এজন লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয়, তেন্তে জীৱনকালৰ বাবে এই ভাইৰাছৰ পৰা মুক্ত হোৱাৰ কোনো উপায় নাথাকে। দীৰ্ঘম্যাদীৰূপত যেতিয়া এই ভাইৰাছৰ দ্বাৰা দেহৰ ৰোগ প্ৰতিৰোধী ব্যৱস্থা ক্ষতিগ্ৰস্ত হয় আৰু ইয়াৰ কোনোধৰণৰ যাৱতীয় চিকিৎসা নহয়৷ তেতিয়া এসময়ত, অৰ্থাৎ সৰ্বশেষ পৰ্যায়ত এই ভাইৰাছে এইডছ (একুৱায়াৰ্ড ইমিউন’ডেফিচিন্সী চিনড্ৰ’ম)ৰ ৰূপ লয়। যদিওবা সাময়িকৰূপত এইচ আই ভিক প্ৰশমিত কৰি ৰখাৰ চিকিৎসা আছে, পিছে এই চিকিৎসাই এইচ আই ভিক নিৰ্মূল কৰিব নোৱাৰে।

এইডছৰ বিষয়ে জনাসকলে এইডছৰ প্ৰাণনাশী ৰূপটোৰ বিষয়েও নিশ্চয়কৈ জানে। এইডছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ পিছত মানৱদেহৰ ৰোগ প্ৰতিৰোধী ব্যৱস্থা একপ্ৰকাৰ ধ্বংসপ্ৰাপ্ত হোৱা বুলিব পাৰি। যাৰফলত সৰু-বৰ বিভিন্ন ৰোগৰ সংক্ৰমণত দেহটো ঘূণীয়া হৈ পৰে। এইডছ আক্ৰান্ত হোৱা ব্যক্তি এজনৰ শাৰীৰিকভাৱে হ’ব পৰা এই অন্তহীন ব্যাধিবোৰৰ তালিকাখন অতি দীঘলীয়া। কিন্তু মূল কথাটো হৈছে এয়েই যে এবাৰ এইডছ আক্ৰান্ত হোৱাৰ পিছত বিভিন্নধৰণৰ ৰোগগ্ৰস্ততাই জীৱনৰ গতি জটিলৰ পৰা জটিলতৰ কৰি তোলে। আৰু খুব স্বাভাৱিকৰূপেই এসময়ত এনেদৰেই ৰোগগ্ৰস্ত হৈ হৈ এসময়ত  মৃত্যুমুখত পৰাও একেবাৰেই স্বাভাৱিক কথা।

 

লগতে পঢ়ক ‘স্বামীৰ দ্বাৰাই হওক বা আনৰ দ্বাৰাই হওক, ধৰ্ষণ ধৰ্ষণেই’ উচ্চ ন্যায়ালয়ৰ যুগান্তকাৰী ৰায়

এতিয়া কথা হ’ল যে এই জটিল তথা প্ৰাণঘাতী ৰোগসমূহৰ পৰা আমি নিজকে কিদৰে বচাই ৰাখিব পাৰো? একেবাৰেই সহজভাৱে ক’বলৈ গ’লে প্ৰথম তথা প্ৰধান উপায় হৈছে— এই ৰোগবোৰ বিয়পিব পৰা মাধ্যমসমূহৰ পৰা নিজকে আতৰাই ৰখা। চিৰিঞ্জৰ মাধ্যমেৰে ড্ৰাগছ সেৱন কৰাই হওক, কিম্বা আন যিকোনো মাধ্যমেৰেই ড্ৰাগছ সেৱন কৰাতো এনেয়ো স্বাস্থ্যৰ পক্ষে কোনোধৰণেই লাভজনক বা উপকাৰী কথা নহয়, বৰঞ্চ ক্ষতিকাৰকেই। গতিকে নিজৰ লগতেই নিজৰ চৌপাশৰ এনেদৰে ড্ৰাগছৰ নিচাত আক্ৰান্ত হ’ব পৰা আপোনাৰ আপোনজনকো বাধা দিয়ক। জীৱনমুখী হোৱাৰ যাত্ৰাত সহায়ক হওক। প্ৰয়োজন হ’লে নিৰ্দ্দিষ্ট বিভাগৰ শাৰিৰীক-মানসিক ৰোগৰ চিকিৎসা বিশেষজ্ঞৰ সহায় লওক।

(লেখক নেমকেয়াৰ হস্পিটেল আৰু আদিত্য মেডিচিটিৰ বহিৰ্বিভাগত চিকিৎসা সেৱা আগবঢ়োৱা হেপাট’লজিষ্ট)

ফোন-৯৯১০৭৭০৪৩৪

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamdrugsdrugs consumed
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’
অপৰাধ

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

September 14, 2026
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক
অসম

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

September 14, 2026
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী
অপৰাধ

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

September 14, 2026
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড
অসম

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

September 13, 2026
Next Post
মাতৃদুগ্ধ গহনাৰে বছৰি ১৫ কোটি টকা ব্যৱসায়ৰ লক্ষ্য কাৰ?

মাতৃদুগ্ধ গহনাৰে বছৰি ১৫ কোটি টকা ব্যৱসায়ৰ লক্ষ্য কাৰ?

প্ৰেমৰ চালনাৰে কিশোৰীক ধৰ্ষণ : আৰক্ষীৰ জালত CRPFৰ বিবাহিত জোৱান

প্ৰেমৰ চালনাৰে কিশোৰীক ধৰ্ষণ : আৰক্ষীৰ জালত CRPFৰ বিবাহিত জোৱান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.