ৰাস্তাঘাটত ট্ৰেফিক আমাৰ দেশৰ প্ৰধান সমস্যা। বিশেষকৈ ডাঙৰ চহৰসমূহত ট্ৰেফিকৰ সমস্যা দিনকদিনে বৃদ্ধি পাইছে। কিন্তু এইবাৰ মহাকাশতো ট্ৰেফিক বৃদ্ধি পাইছে। বিভিন্ন দেশৰ পৰা পঠিওৱা যানসমূহে মহাকাশত যানজঁটৰ সৃষ্টি কৰিছে।
ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ এটা সমীক্ষাত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। ইছৰোৱে মহাকাশত ধৰা পেলাইছে যাৰ ভিতৰত ২৭ হাজাৰ পাৰ্থিৱ বস্তু যাৰ ভিতৰত ৮০ শতাংশই আৱৰ্জনা। ইছৰোৰ চেয়াৰমেনৰ মতে ৫০০ কিঃমিঃ তলত থকা পৃথিৱীক কক্ষপথটো এটা অতিশয় গুৰুত্বপূৰ্ণ কক্ষপথ। এই কক্ষপথক যিমানদূৰ সম্ভৱ মুক্ত কৰি ৰাখিব লাগে। পিএছ এল ভিৰ চতুৰ্থ অংশটো অৰ্থাৎ বৰ্জ্য অংশটো তুলনামূলকভাৱে পৃথিৱীৰ তলৰফালে থকা শেষৰটো কক্ষপথলৈ নমাই অনা হৈছে। ৩০ দিনৰ ভিতৰতেই পৃথিৱীত প্ৰৱেশ কৰিব পাৰিব বা তাৰভিতৰতেই পুৰি নষ্টও কৰিব পাৰিব। পূৰ্বে এটা ছেটেলাইট নষ্ট কৰিবলৈ ১৮ বছৰ সময় লাগিছিল, কাৰণ ছেটেলাইটসমূহ পৃথিৱীৰ কক্ষপথত দূৰত্বত অৱস্থান কৰিছিল। ভাৰতে ম্যাদ পাৰ হৈ যোৱা কেইবাটাও ছেটেলাইট ‘ডি অৰবিট’ কৰিছে। অৰ্থাৎ সেইসমূহক কক্ষপথৰ পৰা বাহিৰলৈ ওলিয়াই দিয়া হৈছে। মাজে মাজে সমূদ্ৰৰ পাৰত ‘স্পেছ জাঙ্ক’ পৰিয়েই থাকে। কেইবাদিন পূৰ্বেও অষ্ট্ৰেলিয়াৰ সমূদ্ৰ তীৰত উদ্ধাৰ হৈছিল মহাকাশৰ বৰ্জ্য পদাৰ্থ।
মহাকাশত থকা এই পাৰ্থিৱ সামগ্ৰীসমূহৰ মাজত ৪০ শতাংশই মাৰ্কিন যুক্তৰাষ্ট্ৰৰ, ২৮ শতাংশ ৰাছিয়াৰ, ১৯ শতাংশ চীনৰ। মাৰ্চ মাহত প্ৰকাশিত মহাকাশ পৰিস্থিতি মূল্যাংকনৰ প্ৰতিবেদনো প্ৰকাশ কৰিছে ইছৰোই। মহাকাশত ভাৰতৰ বৰ্জিত পদাৰ্থ এইকেইখন দেশতকৈ কম। মাত্ৰ ২১৭ টা বৰ্জিত পদাৰ্থহে আছে। মহাকাশত আৱৰ্জনা সৃষ্টিৰ ক্ষেত্ৰত ভাৰতৰ অনুদান মাত্ৰ ০.৮শতাংশ।
এই পদাৰ্থসমূহে কেনেতৈ ক্ষতি কৰিব?
মহাকাশযানৰ পৰা ছিটিকি অহা কোনো অংশই ভাঙি চূৰমাৰ কৰি দিব পাৰে আন কোনো কোনো মহাকাশযানকো।
দীৰ্ঘ দিন মহাকাশত বিজ্ঞানীসকলৰ থাকিলে তেওঁলোকৰ খাদ্যৰ পেকেট, ডিছপজেৱল কাপোৰ, কাগজ আদি প্ৰচুৰ পৰিমানে মহাকাশযানত জমা হৈ পৰিছে। সেইসমূহে কেতিয়াবা ভয়াৱহ অগ্নিৰ সূত্ৰপাত কৰিব পাৰে।
যদি বেটাৰী বা আন কোনো ইলেক্ট্ৰনিক যন্ত্ৰপাতি খুব গৰম হৈ যায় তেন্তে মহাকাশলৈ গৈ থকা যানতো অগ্নিৰ সূচনা কৰিব পাৰে।
গাণিতিক হিচাপৰ সামান্য ভুলতো ডাঙৰ বিপদ হ’ব পাৰে। বিভিন্ন দেশৰ পৰা পঠোৱা মহাকাশযানৰ কক্ষপথ বেছি কাষত হ’লেও এটাই আনটোৰ কক্ষপথত প্ৰৱেশ কৰিব পাৰে।এনেকৈ প্ৰৱেশ কৰিলে ধাক্কা লগাৰ সম্ভাৱনা থাকে।
কোনো উল্কাপিণ্ড বা অইন কোনো মহাজাগতিক বস্তুৰ পৰা চিটিকি অহা কোনো অংশই মহাকাশযানত ভাঙি চুৰমাৰ কৰি দিব পাৰে।
মহাকাশৰ ট্ৰেফিক কেনেকৈ কমাব?
মহাকাশৰ যান-যঁট কমাবৰ বাবে ‘বিকল্প ৰুট’ বা নতুন নতুন কক্ষপথ ওলিয়াব লাগিব। বিশ্বৰ মহাকাশ গৱেষণা সংস্থাসমূহে এই পদক্ষেপ ল’ব লাগিব। এতিয়াৰে পৰা সতৰ্ক নহ’লে এদিন মানৱ সভ্যতা মহাবিপদত পৰিব। ট্ৰেফিকৰ কাৰণে অদূৰ ভৱিষ্যতে হয়তো মহাকাশত ডাঙৰ কোনো দূৰ্ঘটনা ঘটিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ