নাবালিকাৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগত এইবাৰ স্বস্তি লাভ কৰিলে ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেছনৰ প্ৰাক্তন সভাপতি ব্ৰিজভূষণ সিঙে। তেওঁৰ বিৰুদ্ধে পকছো আইনত তৰা গোচৰ বন্ধ কৰিলে দিল্লীৰ পাতিয়ালা হাউছ কৰ্টে। আৰক্ষীয়ে দিয়া ৰিপৰ্টৰ বিৰোধীতা কৰা নাই তেওঁৰ বিৰুদ্ধে অভিযোগ অনা অভিযোগকাৰিনীয়ে। যাৰ বাবে এই গোচৰ বন্ধ কৰিলে দিল্লীৰ পাতিয়ালা হাইকৰ্টে।
ব্ৰিজভূষণৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তুলিছিল ৬গৰাকী মহিলা মল্লযুঁজাৰুয়ে। ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এই বিষয়ক লৈ বিভিন্ন চৰ্চা হৈছিল। ব্ৰিজভূষণৰ বিৰুদ্ধে অভিযোগ তুলিছিল বজৰং পুনিয়া, সাক্ষী মালিক, ভিনেশ ফোগাটকে ধৰি ৬গৰাকী মহিলা মল্লযুঁজাৰুৱে। ২০২৩ চনৰ জুনত সেই গোচৰৰ চাৰ্জশ্বিট জমা দিছিল দিল্লী আৰক্ষীয়ে। আৰু তাতেই নাবালিকাৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ বাতিল কৰাৰ আৰ্জি জনাইছিল দিল্লী আৰক্ষীয়ে।
আৰক্ষীৰ তৰফৰ পৰা দিয়া ৰিপৰ্ট পেছ কৰি আদালতক জনোৱা হৈছিল যে নাবালিকাৰ ওপৰত যি যৌন নিৰ্যাতনৰ ঘটনা ঘটাৰ অভিযোগ অনা হৈছে সেয়া ভুৱা। আৰক্ষীৰ এই ৰিপৰ্টৰ পাছতেই নিৰ্যাতিতাৰ পিতৃক নটিছ দিয়ে আদালতে। ইয়াৰপাছতেই ২০২৩ চনৰ আগষ্ট মাহত সোঁশৰীৰে আদালতত হাজিৰ হয় অভিযোগকাৰীণী আৰু তেওঁৰ পিতৃ। আদালতেও একাধিক প্ৰশ্ন কৰিছিল অভিযোগকাৰিনীক। সকলোবোৰ তদন্তৰ শেষত সোমবাৰে দিল্লীৰ পাতিয়ালা হাউচ কৰ্টে ব্ৰিজভূষণৰ বিৰুদ্ধে পকছো আইনত চলা গোচৰ বন্ধ কৰে। আদালতৰ সেই ৰায়ৰ পাছতেই সৰৱ হৈছে ব্ৰিজভূষণৰল সন্তান প্ৰতীক ভূষণ সিং। তেওঁৰ দাবী, প্ৰতিহিংসা পৰায়ণ হয়েই তেওঁৰ পিতৃক কাঠগড়াত তোলা হৈছে। এনেকৈয়ে বাকী অভিযোগসমূহো মিছা প্ৰমাণিত হব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















