অসম লাইভ ২৪ঃ গণৰাজ্য দিৱসৰ দিনা লালকিল্লাৰ এটি গম্বুজৰ ওপৰত কৃষকৰ পতাকা উৰুওৱা পাঞ্জাৱী অভিনেতা দ্বীপ সিদ্ধু সম্প্ৰতি পলাতক। যাৰ বাবে দিল্লী আৰক্ষীয়ে বুধবাৰে কৰিছে এক ঘোষণা। দ্বীপ সিদ্ধু সন্দৰ্ভত খবৰ দিওঁতাক দিল্লী আৰক্ষীয়ে প্ৰদান কৰিব ১ লাখ টকা। কেৱল সেয়াই নহয় জগবীৰ সিং, বোটা সিং, সুখদেৱ সিং আৰু ইকবাল সিঙক খবৰ দিওঁতাকো ৫০ হাজাৰ টকা প্ৰদান কৰিব দিল্লী আৰক্ষীয়ে । উল্লেখযোগ্য যে ঘটনা সংঘটিত কৰাৰ পাছতেই দ্বীপ সিদ্ধুয়ে আত্মপক্ষৰ সমৰ্থনত এক ভিডিঅ’ প্ৰস্তুত কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ