সৰ্বকালৰ অভিলেখ ভংগ কৰি এইবাৰৰ দুৰ্গা পূজাত ৩০ কোটিৰ সু.. বিক্ৰী
এইবাৰ দুৰ্গা পূজাত সৰ্বকালৰৰ অভিলেখ ভংগ সুৰাপায়ীৰ। প্ৰকাশিত তথ্য অনুসৰি চলিত বৰ্ষ ২০২৪ ৰ দুৰ্গা পূজাত গুৱাহাটীত বিত্ৰী কোটিৰ ঘৰত সুৰা। যি আজি পৰ্যন্ত ইমান টকাৰ সুৰা বিক্ৰী হোৱা নাছিল।
জানিব পৰা অনুসৰি এইবাৰ দুৰ্গা পূজাত মাত্ৰ ৪ টা দিনতে গুৱাহাটী মহানগৰীত প্ৰায় ৩০ কোটি টকাৰ সুৰা বিক্ৰী হৈছে। যি এক প্ৰকাৰৰ অভিলেখ।
তথ্য অনুসৰি , ২০২২ বৰ্ষত দুৰ্গা পূজাৰ ৪ দিনত ১৬.৮০ কোটি টকা আৰু ২০২৩ বৰ্ষত ২২.৫০ কোটি টকাৰ সুৰা বিক্ৰী হৈছিল। তাৰ পাছত এইবাৰ ২০২৪ ত প্ৰায় ৩০ কোটি টকাৰ সুৰা।
উল্লেখ্য যে, সদ্যহতে সুৰাৰ মূল্য বৃদ্ধি কৰা হৈছিল। কিন্তু তাৰ পাছতো সেই মূল্য বৃদ্ধি আওকান কৰি সুৰাপায়ী লোকে অধিক সুৰা ক্ৰয় কৰি চলিত বৰ্ষত অভিলেখ গঢ়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ