বৰ্তমান সময়ত সকলোৱেই ভৱিষ্যতৰ বাবে আয়ৰ কিছু অংশ সঞ্চয় কৰিব খোজে৷ আপুনি যদি এক নিৰাপদ আৰু লাভজনক বিনিয়োগৰ বিকল্পৰ সন্ধান কৰি আছে তেন্তে পোষ্ট অফিচৰ আৰ ডি স্কিম আপোনাৰ বাবে খুবেই দুৰ্দান্ত বিকল্প হব পাৰে৷ পোষ্ট অফিচত কেৱল চিঠিপত্ৰই নহয়, বেংকিং আৰু বীমাৰ দৰে অইন বহু পৰিসেৱাও পোৱা যায়৷
পোষ্ট অফিচৰ আৰ ডি স্কিমত আপুনি আপোনাৰ অৰ্থৰ সম্পূৰ্ণ সুৰক্ষাৰ গেৰাণ্টি আৰু চমৎকাৰ ৰিটাৰ্ণৰো গেৰেণ্টি পায়৷ পোষ্ট অফিচৰ আৰ ডি স্কিম কি আৰু ইয়াত প্ৰতি মাহত ২২০০ জমা কৰিলে পাঁচ বছৰত কিমান তহবিল গঢ়ি উঠিব?
পোষ্ট অফিচৰ আৰ ডি স্কিমত ৬.৭ শতাংশ বাৰ্ষিক সুদ
আৰ ডি স্কিমত প্ৰতিমাহে এক নিৰ্দিষ্ট পৰিমাণ জমা কৰা হয়৷ পোষ্ট অফিচত বৰ্তমান আৰ ডি স্কিমত গ্ৰাহকক বাৰ্ষিক ৬.৭শতাংশ সুদ দিয়া হৈছে৷ এই স্কিমত আপুনি মাত্ৰ ১০০ টকা মাহিলী বিনিয়োগৰ মাধ্যমেৰে এটা একাউণ্ট খুলিব পাৰে, যত বিনিয়োগৰ সৰ্বোচ্চ কোনো সীমা নাই৷ অৰ্থাৎ আপুনি এই একাউণ্টত যিমান মন যায় সিমান ধন জমা কৰিব পাৰে৷ ১০ বছৰতকৈ বেছি বয়সীয়া যিকোনো ব্যক্তিয়ে এই একাউণ্ট খুলিব পাৰে, যত এক একক একাউণ্টৰ ওপৰিও এক যৌথ একাউণ্টো খুলিব পাৰে৷
পোষ্ট অফিচ আৰ ডি স্কিমৰ ম্যাদ আৰু প্ৰাপ্ত তহবিল
পোষ্ট অফিচৰ আৰ ডি একাউণ্টত ৬০ মাহত অৰ্থাৎ পাঁচ বছৰত মেছিওৰ হয়৷ এই একাউণ্ট খোলাৰ তাৰিখৰ পৰা তিনিবছৰ পাছত এই একাউণ্টৰ ধন আপুনি উঠাই লব পাৰে৷ আপুনি যদি পোষ্ট অফিচ আৰ ডি একাউণ্টত প্ৰতি মাহে ২২০০ টকাকৈ জমা কৰে তেন্তে ৬০ মাহৰ পাছত অৰ্থাৎ ম্যাদপূৰ্ণিত আপুনি মুঠ ১,৫৭,০০৪ টকা লাভ কৰিব৷ এই পৰিমানৰ ভিতৰত আপোনাৰ জমা ধন থাকিব ১,৩২,০০০ টকা আৰু সুদ থাকিব ২৫,০০৪ টকা৷
যিহেতু পোষ্ট অফিচ কেন্দ্ৰীয় চৰকাৰৰ অধীনত সেয়ে আপোনাৰ সমস্ত ধন এই বিনিয়োগত নিৰাপদ থাকে৷ এই স্কিমৰ সুবিধা গ্ৰহণ কৰি আপুনি আপোনাৰ সৰু সৰু লক্ষ্য পূৰণৰ বাবে এক শক্তিশালী আৰ্থিক ভিত্তি তৈয়াৰ কৰিব পাৰে৷ ইয়াত আপোনাৰ ধন নিৰাপদে থকাৰ ওপৰিও ভাল ৰিটাৰ্ণ থাকে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















