অসম লাইভ ২৪ঃ বিবাহৰ পাছত আপোনজনৰ সৈতে ক’লৈ যোৱাৰ পৰিকল্পনা আছে আপোনাৰ? মাজ আকাশত আপোনজনৰ সৈতে আন্তৰিক মুহূৰ্ত অতিবাহিত কৰিব বিচাৰে নেকি? অসম্ভৱ নহয়৷ ‘লাভ ক্লাউড জেট চাৰ্টাৰে’ সপোন পূৰণ কৰিব আপোনাৰ৷ মাত্ৰ এক মোটা অংকৰ ধন ব্যয় কৰিব লাগিব আপুনি৷ ৪৫ মিনিটত প্ৰায় ৭৩ হাজাৰ খৰচ কৰিব লাগিব একোটা দম্পতীয়ে৷ প্ৰায় প্ৰতিটো নৱবিবাহিত দম্পতীয়েই হনিমুনৰ বাবে নিজৰ প্ৰিয় ঠাইখনলৈ যোৱাৰ সপোন পুহি ৰাখে৷ আপুনিও নিশ্চয় ব্যতিক্ৰম নহয়৷ কিন্তু ডাৱৰৰ মাজত এই ৰোমাঞ্চকৰ অভিজ্ঞতা লাভ কৰাটো এক অনন্য অভিজ্ঞতা৷ আমোৰিকাৰ লছ ভেগাছত আছে এই সুবিধা৷ ‘লাভ ক্লাউড জেট চাৰ্টাৰ’ বিমানখনৰ পাইলট এন্থনী ব্লেকৰ মতে একেসময়তে ৬ গৰাকী ব্যক্তিৰ বাবে সুবিধা আছে বিমানখনত৷ প্ৰায় ৭ বছৰ ধৰি এই বিশেষ সেৱা আগবঢ়াই আহিছে কোম্পানীটোৱে৷ ইয়াৰ উপৰি নৈশভোজ আৰু ‘ইন এয়াৰ’ বিবাহৰ বাবেও সুবিধা আছে বিমানখনত৷ আমেৰিকাৰ বহু ধনী দম্পতীয়ে ইতিমধ্যে এই অভিজ্ঞতা লাভ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















