মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কুখ্যাত বিনিয়োগকাৰী আৰু দণ্ডিত যৌন অপৰাধী জেফ্ৰি এপষ্টাইন সংক্ৰান্তিয় সদ্য প্ৰকাশিত মাৰ্কিন বিচাৰ দপ্তৰৰ নথি দেখি আতংকিত হৈ উঠিছে সমগ্ৰ বিশ্ব৷ প্ৰায় ৩৫ লাখ পৃষ্ঠাৰ এপষ্টাইন সম্পৰ্কিত ফাইলত প্ৰকাশিত তথ্যত আছে ১লাখ ৮০ হাজাৰ ছবি আৰু ২ হাজাৰ ভিডিঅ’৷ সকলোবোৰ শুকুৰবাৰে প্ৰকাশিত হৈছে৷ প্ৰকাশিত নথিত ডোনাল্ড ট্ৰাম্পৰ নামো বহুবাৰ উত্থাপিত হৈছে৷ তালিকাত আৰু কাৰ কাৰ নাম আছে, এই মুহূৰ্তত সকলোৱে এই বিষয়টোক লৈ আগ্ৰহীও হৈ আছে৷ চৰ্চালৈ আহিছে এপিষ্টনৰ দ্বীপত শিঁয়ৰি উঠা কিছু ঘটনাও৷ একাধিক সংবাদমাধ্যমৰ প্ৰকাশিত তথ্য অনুসৰি এপিষ্টনৰ সেই প্ৰমোদ দ্বীপত যিসমূহ ঘটনা ঘটিছিল সেই সমূহ জানিব পাৰি শিঁয়ৰি উঠিছে সাধাৰণ মানুহ৷
যৌন অপৰাধী জেফ্ৰি এপিষ্টনৰ কেৰিবীয় দ্বীপপুঞ্জ আৰু তাত ঘটা নাৰকীয় ঘটনাৱলীক লৈ কেৱল চৰ্চাই নহয়, আতংকও বিয়পি পৰিছে বিশ্বত৷ ১০ আগষ্ট ২০১৯ চনত এপষ্টাইনৰ মৃত্যুৰ কেইদিনমান পাছতেই এফ বি আই এজেণ্ট আৰু নিউয়ৰ্ক আৰক্ষী বিভাগৰ তদন্তকাৰীসকলে লিটল চেণ্ট জেমছত অভিযান চলায়৷ সেয়া মূলত এপিষ্টেন দ্বীপ নামেৰে পৰিচিত৷ লিটন চেণ্ট জেমছৰ আয়তন প্ৰায় ২৮ হেক্টৰ আউ গ্ৰেট চেণ্ট জেমছৰ আয়তন ৬৭ হেক্টৰ৷
১৯৯৮ চনৰ এপ্ৰিলত এছ জে নামৰ এটা কোম্পানীয়ে লিটল চেণ্ট জেমছক ৭.৯৫ মিলিয়ন মাৰ্কিন ডলাৰ দি ক্ৰয় কৰি লয় আৰু পাছলৈ জনা যায় যে সেই সংস্থা মূলত এপিষ্টেনৰ সংস্থা৷ তেওঁৱেই সেই সংস্থাৰ মালিক৷ পাছত ২০১৬ চনত এপিষ্টনে ক্ৰয় কৰি লয় গ্ৰেট চেণ্ট জেমছকো৷ ২২.৫ মিলিয়ন মাৰ্কিন ডলাৰত সেয়া ক্ৰয় কৰে৷
কেনেকৈ সেই দ্বীপলৈ যাব পাৰি এই প্ৰশ্ন বহুতৰে মনত আছে৷ তথ্যমতে কেৱলমাত্ৰ ব্যক্তিগত হেলিকপ্টাৰ কিংবা নৌকাৰ মাধ্যমেৰে তালৈ যোৱা সম্ভৱ৷ জানিব পৰামতে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা এপিষ্টেইন কিংবা যিসকল তালৈ গৈছে তেঁঁওলোকে ব্যক্তিগত বিমানেৰে চেণ্ট থমাছ আন্তৰ্জাতিক বিমানবন্দৰেৰে তালৈ গৈছে৷ তাতেই হেলিকপ্টাৰ সলনি কৰি সেই দ্বীপলৈ যাত্ৰা কৰিছে৷ সেই দ্বীপত যেনেকৈ আছে মন্দিৰ সদৃশ ঘৰ, আছে একাধিক ছুইমিং পুল, টেনিছ কোৰ্ট, এখন হেলিপেড আৰু কেইবাটাও অতিথি ভিলা৷ আছে লাইব্ৰেৰি, এটা জাপানী ষ্টাইলৰ গা ধোৱা ঘৰ, এটা চিনেমা হলো৷
অভিযোগ যে অপ্ৰাপ্তবয়স্ক কিশোৰীসকলক তাত লৈ যোৱা হৈছিল বলপূৰ্বকভাৱে৷ চলিছিল অকথ্য অত্যাচাৰ৷ লিটল জেমছৰ পৰা বেছিভাগ অভিযোগ পোৱা গৈছে বুলি জনা যায় তথ্যত৷ ভাৰ্জিনিয়া গ্ৰিফৰ অভিযোগ প্ৰিন্স এণ্ডুৰ মাউণ্টবেটন উইণ্ডছৰে তেওঁক লিটল চেণ্ট জেমছে ধৰ্ষণ কৰিছিল৷ যদিও এপিষ্টনৰ দীৰ্ঘদিনীয়া সহযোগী আৰু বান্ধবী মেক্সৱেলে মাৰ্কিন চৰকাৰৰ কাষত দিয়া জৱানবন্দীত জনাইছিল যে যেতিয়া তেওঁ এই দ্বীপলৈ আহিছিল তেতিয়া তাত কিন্তু কোনো নাৰী নাছিল৷ এপিষ্টনৰ মৃত্যুৰ পাছত পাৰ্শ্ববৰ্তী দ্বীপ, চেণ্ট থমাছৰ বিমানঘাঁটিত দুই কৰ্মচাৰীয়ে ভেনিটি ফেয়াৰক জনাইছিল যে এপিষ্টনক তেওঁ কমবয়সীয়া কিশোৰীসকলৰ সৈতে বিমানৰ পৰা নমা দেখিছিল৷ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সংবাদমাধ্যমত এপিষ্টনৰ দ্বীপৰ একাধিক ছবি প্ৰকাশিত হৈছে৷ ২০২৩ চনত এপিষ্টনৰ সেই দ্বীপ ষ্টিফেন ডেকফে ক্ৰয় কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















