আজি বছৰৰ প্ৰথম দিন৷ এই দিনটোত প্ৰায়সকল লোকেই ছুটী উদযাপন কৰিছে৷ বহুতে পৰিয়ালৰ সৈতে সময় কটাইছে৷ বছৰৰ প্ৰথম দিনটোতেই জানি থওক এই বছৰ কিমান ছুটী পাব কৰ্মচাৰীসকলে? কেনেকৈ ভেকেশ্ব্যন প্লেন কৰিব আপুনি?
১. ২০২৬ৰ প্ৰথম ৰাজ্যিক ছুটী আপুনি লাভ কৰিব মাঘৰ বিহুত৷ অৰ্থাৎ ১৪ জানুৱাৰীত প্ৰথম ছুটী পাব ৰাজ্য চৰকাৰৰ অধীনৰ প্ৰতিজন কৰ্মচাৰীয়ে৷ তাৰপিছতেই জাতীয় ছুটি আছে ২৬ জানুৱাৰীত৷ ২৬ জানুৱাৰী এইবাৰ সোমবাৰ পৰিছে৷
২. ইয়াৰপাছতেই আছে হোলিৰ ছুটি৷ এই উৎসৱ বুধবাৰ ৪মাৰ্চত পালিত হ’ব৷
৩. কিছু ৰাজ্যত ৰাম নৱমীত ছুটি থাকিব৷ এইবাৰ ৰাম নৱমী পৰিছে মাৰ্চৰ ২৬ তাৰিখে৷ ২৬ তাৰিখ বৃহস্পতিবাৰ পৰিছে৷ সেই মতে ছুটি প্লেন কৰিব পাৰে৷
৪. মাৰ্চৰ ৩১ তাৰিখে আছে মহাবীৰ জয়ন্তী৷ মহাবীৰ জয়ন্তী এইবাৰ মঙ্গলবাৰ পৰিছে৷
৫. এপ্ৰিলৰ ৩তাৰিখ হৈছে গুড ফ্ৰাই ডে৷
৬. তাৰপিছতেই পৰিছে অসমীয়াৰ জাতীয় উৎসৱ বিহু৷ বিহুৰ বাবে ১৪- ১৫ তাৰিখে ছুটী পাব ৰাজ্যৰ কৰ্মচাৰীসকলে৷
৭. ১মেত আছে বুদ্ধপূৰ্ণিমা৷
৯. ১৫ আগষ্ট পৰিছে শনিবাৰে৷ স্বাধীনতা দিৱস উপলক্ষে ছুটী লাভ কৰিব কৰ্মচাৰীসকলে৷
১০. গান্ধী জয়ন্তী আছে ২ অক্টোবৰত৷ ২ অক্টোবৰ এইবাৰ শুকুৰবাৰ পৰিছে৷
১১. ১৭ অক্টোবৰৰ পৰা দূৰ্গাপূজা৷ ২১ অক্টোবৰলৈ বন্ধ লাভ কৰিব কৰ্মচাৰীসকলে৷
১২. ৮ নৱেম্বৰত পৰিছে দীপাৱলি বা কালীপুজা৷ এই দিনটো দেওবাৰ পৰিব৷
১৩. ২৪ নৱেম্বৰত পালিত হ’ব গুৰু নানক জয়ন্তী৷ গুৰু নানক জয়ন্তী পৰিছে মঙলবাৰে৷
এইসমূহৰ ওপৰিও অন্যান্য কিছু হলিডেও লাভ কৰিব পাৰে কৰ্মচাৰীসকলে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















