ৰাজ্যত এটাৰ পিছত এটাকৈ পোহৰলৈ আহিছে সমাজক লজ্জানত কৰা ঘটনা। এইবাৰ বৰপেটাৰ বাৰাদিত ৪ টা পৰিয়ালক সমাজচ্যুত কৰাৰ ঘটনা পোহৰলৈ আহিছে।
জানিব পৰা মতে এটা পৰিয়ালে পিতৃৰ বিয়োগৰ পিছত মুণ্ডন নকৰাক লৈ এই ঘটনাৰ সূত্ৰপাট হৈছিল। সেই পৰিয়ালটোৰ লগতে তেওঁলোকৰ লগত যোগসূত্ৰ ৰখাৰ অপৰাধতেই এতিয়া আন ৩ টা পৰিয়ালকো সমাজে সমাজচ্যুত কৰিছে।
ঘটনাৰ বিৱৰণীৰ মতে ৩ বছৰ পূৰ্বে সত্ৰ বাৰাদি নিৱাসী মনু দাসৰ পিতৃৰ মৃত্যু হৈছিল। শ্ৰমীন্ত শঙ্কৰদেৱ সংঘৰ অনুগামী হোৱা সূত্ৰে পিতৃৰ বিয়োগৰ শুদ্ধি কৰ্মত মুণ্ডন কৰা নাছিল মনমোহন দাস সমন্বিতে তেওঁৰ আন দুগৰাকী ভাতৃয়ে।
লগতে পঢ়ক দুই সন্তানৰ স্বামীৰ দ্বিতীয় এটা পৰিয়ালো আছে! বিয়াৰ ২৫ বছৰ পিছত ফেচবুকৰ পৰা গম পালে পত্নীয়ে
পিতৃ বিয়োগৰ শুদ্ধি কৰ্মত মুণ্ডন নকৰাটোৱেই পৰিয়ালটোৰ অপৰাধ হ’ল। ইয়াৰ পাছতে কু-সংস্কাৰী সমাজে পৰিয়ালটোক এঘৰীয়া কৰে।
পৰিয়ালটোৰ প্ৰতি হোৱা এই অন্যায়ৰ বিপৰীতে মনমোহন দাসৰ পিতৃৰ শ্ৰাদ্ধ কৰ্মত পূৰ্ণ সহযোগ কৰে গাঁওখনৰে আন এগৰাকী বাসিন্দা তথা সুদীৰ্ঘ ৩৫ বছৰ বাৰাদি সত্ৰ পৰিচালনা সমিতিৰ সভাপতি-সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰা বৈষ্ণৱ বীৰেণ পাঠকে। তেওঁলোকক সহযোগ কৰাৰ বাবেই বিৰেণ পাঠকো সমাজৰ পৰা বিতাৰিত হ’বলগীয়া হ’ল।
আনপিনে এবছৰ পূৰ্বে বৈষ্ণৱ বিৰেণ পাঠকক নিজ সন্তানৰ নামকৰণ অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰাৰ বাবে আন এগৰাকী গাঁৱৰে বাসিন্দা হৰেণ পাঠককো এঘৰীয়া কৰা হয়।
লগতে পঢ়ক বাংগালুৰুৰ বিমানবন্দৰ সমীপত আৰক্ষীৰ অভিযান, দেহ ব্যৱসায়ত জড়িত ৯ ব্যক্তিক গ্ৰেপ্তাৰ
এনেদৰে এটাৰ পিছত এটাকৈ অতি সম্প্ৰতি বৰপেটাৰ বাৰাদিত সমাজৰ পৰা ৪ টাকৈ পৰিয়ালে বিতাৰিত জীৱন অতিবাহিত কৰিবলগীয়া হৈছে।
আনকি এই পৰিয়াল কেইটাৰ সতে যদি গাঁৱৰ আন বাসিন্দাই আহ-যাহ কৰে তেতিয়া সেই পৰিয়ালকো সমাজৰ পৰা এঘৰীয়া কৰা বুলি ভীতিগ্ৰস্ত কৰি ৰাখিছে এদল কু-সংস্কাৰী লোকে। এতিয়া এই অন্যায় অবিচাৰৰ পৰা দুৰ্ভগীয়া পৰিয়াল ৪ টা মুক্তি তথা ন্যায় বিচাৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ