নিৰ্যাতন হোৱাৰ পৰা ৰক্ষা পাবৰ বাবে পলাই গৈ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে যুৱতীয়ে
পশ্চিম বংগৰ পূব বৰ্ধৱান জিলাৰ পৰা পোহৰলৈ আহিছে এক শোকাৱহ তথা লজ্জাজনক ঘটনা। এগৰাকী ২৭ বছৰীয়া যুৱতীয়ে ধৰ্ষণৰ পৰা ৰক্ষা পাবৰ বাবে পলাই গৈ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালী লয়।
মদ্যপান কৰি হাৰাশাস্তি কৰা যুৱকৰ হাতৰ পৰা ৰক্ষা পাবৰ বাবে পলাবলৈ চেষ্টা কৰি থাকোঁতেই মৃত্যু হয় যুৱতীৰ। আজি সোমবাৰে আৰক্ষীয়ে সদৰি কৰে এই তথ্য।
আৰক্ষীয়ে জনোৱা মতে, পেছাত এগৰাকী নৃত্য শিল্পি তথা ইভেণ্ট মেনেজাৰ হিচাপে কাম কৰা যুৱতীয়ে দেওবাৰে নিশা কোনো অনুষ্ঠান কৰি সোমবাৰৰ নিশা প্ৰায় ৩ মান বজাত এটা পেট্ৰল পাম্পত তেল ভৰোৱাৰ উদ্দেশ্যে প্ৰৱেশ কৰিছিল।
লগত আছিল ড্ৰাইভাৰ। কিন্তু সেই সময়তে পেট্ৰল পাম্পটোত আহে আন এখন বাহন, য’ত ৫ জন মদ্যপান কৰি থকা যুৱত আছিল। যুৱতী দেখি যুৱক কেইজনে অশ্লীল ইংগিত দিবলৈ ধৰে।
লগে লগে ড্ৰাইভাৰে তেল ভৰাই সেই স্থান ত্যাগ কৰে। কিন্তু তাৰ পাছতো যুৱতীৰ বাহনৰ পিছা কৰিবলৈ ধৰে সুৰাৰ ৰাগীত মাতাল যুৱক কেইজনে। ৰাষ্ট্ৰীয় ঘাইপথত উপস্থিত হোৱাৰ লগে লগে আনখন গাড়ীত থকা যুৱক কেইজনে অশ্লীল মন্তব্য কৰি থকাৰ লগতে অসাৱধানতাৰে গাড়ী চলাবলৈ আৰম্ভ কৰে। যাৰ ফলত যুৱতীৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই বিপদজনকভাৱে ৰোড ডিভাইডাৰত খুন্দা মাৰি বাগৰি পৰে।
যাৰ ফলত বাহনৰ ড্ৰাইভাৰৰ লগত ফ্ৰণ্ট চিটত বহি থকা যুৱতীৰ ঘটনাস্থলীতে মৃত্য হয়। আনহাতে যুৱক কেইজনে ঘটনা দেখি ঘটনাস্থলীতে নিজৰ বাহন এৰি পলায়ন কৰে।
আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত যুৱক কেইজন এতিয়াও পলাতক হৈ আছে, অৱশ্যে আৰক্ষীয়ে অভিযুক্তৰ বাহন জব্দ কৰিছে। আৰক্ষীয়ে অভিযুক্তৰ সন্ধানত নামি পৰিছে, লগতে ঘটনাস্থলীত স্থাপন কৰা চিচিটিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰি আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ