সুস্থভাৱে জীৱনযাপন কৰাৰ কথা কোনে নাভাৱে৷ কেনে হোৱা উচিত আপোনাৰ জীৱন? কেনেকৈ সাফল্য পাব? সকলোবোৰ লিখা আছে শ্ৰীমদ্ভাগৱত গীতাত৷ কেৱল যুদ্ধ জয়ৰ উপায় নহয়, জীৱনৰ প্ৰতিটো মুহূৰ্তত কেনেকৈ চলা উচিত সেই বাখ্যাও কৰা আছে গীতাত৷ তেনে কোনো কাম কৰিলে নৰকলৈয়ো যাব লগা হব পাৰে বুলি শ্ৰীকৃষ্ণৰ গীতাত উল্লেখ আছে৷ বিশেষকৈ ৩ গুণৰ কথা কৈছে শ্ৰীকৃষ্ণই৷ তেওঁ কৈছে, এই তিনি গুণে মানুহৰ চাপ, অৱসাদ আৰু অশান্তিৰ কাৰণ৷ ৩ গুণে আপোনাক নৰকলৈ লৈ যাব পাৰে৷’
জানক কি ৩টা গুণ সকলো সময়তে পৰিত্যাগ কৰিবলৈ কৈছে শ্ৰীকৃষ্ণই?
সীমাহীন আকাঙ্ক্ষা
শ্ৰীকৃষ্ই কৈছে যে এই পৃথিৱীত জীয়াই থাকিবলৈ সফল হৈয়েই থাকিব লাগিব বুলি আমাৰ আশা থাকে৷ অত্যধিক আশা আকাঙ্ক্ষা থাকিলে সেয়া কিন্তু বিপদৰহে কাৰণ হৈ পৰে৷ আজিকালি এই ভোগবাদী বিশ্বত প্ৰয়োজন কেতিয়াবা লালসালৈ পৰিণত হয়৷ সেয়া আমি বুজিবই নোৱাৰো৷ একোতেই সন্তুষ্টও হব নোৱাৰো৷ যিমানেই দিয়ক আৰু বেছি লাগে এই প্ৰৱণতাই আমাক ঠেলি দিয়ে অধৰ্মৰ দিশে৷ যিয়ে মাতি আনে চৰম দুৰ্ভোগ৷ জীৱনৰ গ্ৰাফ তললৈ নামিবলৈ আৰম্ভ কৰে৷ এদিনতে সকলো হেৰুৱাই নিঃস্ব হব পাৰে৷
ক্ৰোধ
ভগৱদ্ভগীতাৰ অধ্যায় ২, শ্লোক ৬৩ হৈছে ক্ৰোধাদ্ভবতি সন্মোহঃ সন্মোহাৎ স্মৃতিবিহ্ৰমঃ৷ অৰ্থাৎ ক্ৰোধৰ পৰা মোহ উৎপন্ন হয় আৰু মোহৰ পৰা স্মৃতিভ্ৰংশ হয়৷ শ্ৰীকৃষ্ণই কৈছে খং সংবৰণ কৰিব নোৱাৰিলে জীৱনত পতন নিশ্চিত৷ খঙত আমি ৰাস্তাঘাটতো অকাৰণে সমস্যাত সোমাই পৰি নিজৰ বিপদ মাতি আনো৷ নিজৰ প্ৰিয় মানুহকেই বেয়া ব্যৱহাৰ কৰি পেলাও যিয়ে আমাৰ সম্পৰ্ক নষ্ট কৰে৷ শ্ৰীকৃষ্ণই কৈছে খঙে আমাৰ বুদ্ধিক বিনাশ কৰে৷ যাৰ বাবে ভুল সিদ্ধান্ত লবলৈ বাধ্য হও৷ খঙত লোৱা সিদ্ধান্তই সমগ্ৰ জীৱনৰ পৰিশ্ৰমক মুহূৰ্ততে বিফল কৰি দিব পাৰে৷ সেয়ে শান্ত থকাটো প্ৰয়োজন৷ শত্ৰুৱে যিমানই প্ৰৰোচিত নকৰক কিয় শান্ত মনেৰে সেই পৰিস্থিতিৰ মোকাবিলাৰ চেষ্টা কৰা উচিত৷
লোভ
মানুহৰ যিমান বেয়া গুণ আছে তাৰ নেপথ্যত আছে লোভ৷ লালসাই মানুহক দুৰ্নীতিত সোমাই পৰিবলৈ বাধ্য কৰে৷ সম্পৰ্কতো প্ৰতাৰণা কৰিবলৈ শিকায়৷ একোতেই মানুহ সুখী হব নোৱাৰে৷ সকলো সময়তে অন্যৰ সামগ্ৰীৰ ওপৰত নজৰ থাকে৷ শ্ৰীকৃষ্ণই কৈছে যে লোভে মানুহক অন্ধ কৰি দিয়ে৷ শুদ্ধ-ভুলৰ পাৰ্থক্য পাহৰাই দিয়ে৷ এই স্বভাৱে মানুহৰ পতন মাতি আনে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















