অসম লাইভ২৪ঃ ৫৫ বছৰীয়া হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অসমৰ ৰাজনীতিত চাণক্য বুলি পৰিচিত হৈ পৰা হিমন্ত বিশ্ব শৰ্মা বৰ্তমান ভাৰতৰেই এজন জনপ্ৰিয় ৰাজনীতিবিদ। পূৰ্বে অসমৰ কোনো মুখ্যমন্ত্ৰীৰেই চৰ্চা এনেদৰে ৰাষ্ট্ৰীয় পৰ্যায়ত হোৱা নাছিল। অসমৰে নহয়, ভাৰতৰ ৰাজনীতিত অপ্ৰতিৰোধ্য ৰাজনৈতিক নেতা হৈ পৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। পৰিস্থিতি চম্ভালিব লাগে সেই উপস্থিত বুদ্ধি হিমন্ত বিশ্ব শৰ্মাৰ আছে। ৰাজনৈতিক নেতা হিচাপেই নহয়, এগৰাকী ব্যক্তি হিচাপেও তেওঁৰ পৰা জানিব লগা বহুকেইটা দিশ আছে। বিশেষ ৫ টা কথা জানিলে সফল হ’ব আপুনিও।
পোনতেই মুখ্যমন্ত্ৰীৰ পৰা শিকিবলগীয়া কথাটো হৈছে সময়ৰ সদব্যৱহাৰ। সময়প্ৰয়োগৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ পৰা শিকিবলগীয়া আছে। এক কথাত কবলৈ হলে সময়ৰ শৰ সময়ত মাৰিব জানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যাৰ বাবে অসমৰ ৰাজনীতিত অপ্ৰতিৰোধ্য নেতা হিচাপে নিজক থিয় কৰাব পাৰিছে হিমন্ত বিশ্ব শৰ্মাই। সময়ৰ সদব্যৱহাৰ কৰিয়েই ৰাজনৈতিক ক্ষেত্ৰখনত নিজৰ এখন সুকীয়া আসন তৈয়াৰ কৰিব পাৰিছে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা কেতিয়াও মাজত নাথাকে। হয় ইপাৰ, নহয় সিপাৰ। যিকোনো সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত পোনপটীয়া সিদ্ধান্ত গ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। যিকোনো সিদ্ধান্তক লৈ তেওঁ কাহানিও দুদোল্যমান স্থিতি গ্ৰহণ নকৰে। যাৰ বাবে তেওঁৰ অনুৰাগীৰ মাজত জনপ্ৰিয়। তেওঁ যিয়েই সিদ্ধান্ত নলওক কিয় পাকে প্ৰকাৰে সেয়া সম্পূৰ্ণ কৰেই।
আত্মবিশ্বাস হৈছে হিমন্ত বিশ্ব শৰ্মাৰ পৰা শিকিবলগীয়া আন এক গুৰুত্বপূৰ্ণ কথা। সৰুৰে পৰা ৰাজনীতি কৰিমেই বুলি যি এটা আশা পুহি ৰাখিছিল সেই আশা বাস্তৱত ৰূপায়িত কৰি দেখোৱালে তেওঁ। ৰাজনৈতিক ক্ষেত্ৰখনত সফল হোৱাৰ আগতই তেওঁ সেই সময়ৰ প্ৰেয়সী তথা বৰ্তমান পত্নী ৰিণিকি ভূঞাক প্ৰতিশ্ৰুতি দিছিল। হিমন্ত বিশ্ব শৰ্মাই কৈছিল, ‘ঘৰত কৈ দিবা এদিন মুখ্যমন্ত্ৰী হম’। আৰু এইষাৰ কথা সঁচা প্ৰমাণিত কৰি ২১ বছৰৰ পাছত মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল তেওঁ। গতিকে এইবোৰ কথাৰ পৰাই তেওঁৰ গভীৰ আত্মবিশ্বাসৰ কথা জানিব পাৰি।
সকলো মানুহকে কথাৰে আকৰ্ষিত কৰিব পৰা গুণ তেওঁৰ প্ৰধান অস্ত্ৰ বুলিলেও ভুল কোৱা নহ’ব। কথা কেনেকৈ কি পৰিস্থিতিত কব লাগে সেই কথা হিমন্ত বিশ্ব শৰ্মাই জানে। যিকোনো জলন্ত এটা বিষয়ক লৈ তেওঁৰ এটা মতামতকেই বহুলোকে সমাধান বুলি ভাৱে। মানুহ পতিয়ন যাব পৰাকৈ কথা ক’ব দক্ষতা অসমৰ ৰাজনৈতিক ইতিহাসত মুষ্টিমেয় কেইগৰাকী মানৰহে আছে তাৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা অন্যতম।
সকলো সমস্যা সহজভাৱে লব পৰা গুণটোও হিমন্ত বিশ্ব শৰ্মাৰ পৰা শিকিবলগীয়া অন্যতম এক গুণ। যিমানেই বিঘিনি নাহক, কেতিয়াও হতাশহোৱাটো ধৰা নিদিয়ে। নিজক স্থিতঃপ্ৰজ্ঞকৈ ৰাখি তেওঁ কৰিবলগীয়াখিনি কৰি যায়। নিজৰ জীৱনৰ বাধা-বিঘিনিৰ মাজত নিজক স্থিৰে ৰাখি সহজভাৱে জীৱন চলাই নিয়াতো হিমন্ত বিশ্ব শৰ্মাৰ পৰা শিকিবলগীয়া আন এক প্ৰধান গুণ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ