• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি

তিনিমাহ ধৰি ঔষধ নাই

6 years ago
CHIEF OF ARMY STAFF AWARDS UNIT CERTIFICATE OF APPRECIATION TO ZONAL RECRUITING OFFICE (ZRO) SHILLONG ON ARMY DAY 2026

CHIEF OF ARMY STAFF AWARDS UNIT CERTIFICATE OF APPRECIATION TO ZONAL RECRUITING OFFICE (ZRO) SHILLONG ON ARMY DAY 2026

13 minutes ago
চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

51 minutes ago
অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

1 hour ago
১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

1 hour ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

19 hours ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

20 hours ago
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

21 hours ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

21 hours ago
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

22 hours ago
চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

24 hours ago
বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

1 day ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

তিনিমাহ ধৰি ঔষধ নাই

ভয়ংকৰ দুর্দিনত ১৩,৩৬৮ এইড্ছ ৰোগী

editor by editor
July 7, 2020
in অসম, স্বাস্থ্য
0
25
SHARES
70
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাস্কৰজ‍্যোতি দাস, অসম লাইভ ২৪ঃ দিনত চাৰিটাকৈ টেবলেট। পুৱা ২ টা আৰু গধূলি ২ টা। পুৱাৰ টেবলেট দুটাই ৰোগীৰ শৰীৰত নিশাৰ ভাগত বংশবৃদ্ধি ঘটা এইছ আই ভি ভাইৰাছৰ ৯৮% ধ্বংস কৰে। অনুৰূপ ধৰণে গধূলিৰ ভাগত সেৱন কৰা টেবলেট দুটাই দিনৰ ভাগত ৰোগীৰ শৰীৰত সৃষ্টি এইছ আই ভি ভাইৰাছৰ ৯৮% বিনষ্ট কৰে। ৰোগীৰ শৰীৰত অৱশিষ্ট মাত্ৰ ২% এইছ আই ভি ভাইৰাছৰ উপস্থিতি ৰাখি বছৰ বছৰ ধৰি এনেদৰেই ৰাজ‍্যৰ বিভিন্ন জিলাৰ চিভিল হাস্পতালসমূহত এইডছ ৰোগীৰ চিকিৎসা কৰি অহা হৈছে। মাহেকৰ কোনোবা এটা নির্দিষ্ট দিনত এইছ আই ভি পজিটিভসকল নিজৰ নিজৰ জিলাৰ চিভিল হাস্পতাললৈ আহে আৰু তাত থকা এআৰটি চেণ্টাৰৰ পৰা নিজৰ বাবে এমাহৰ ঔষধ সংগ্ৰহ কৰে। বিনামূলীয়াকৈ এই ঔষধ যোগান ধৰি অহাৰ উপৰি ৰোগীসকলৰ চিকিৎসালয়লৈ অহা-যোৱা কৰোতে হোৱা যাতায়াত খৰচো চৰকাৰে বহন কৰি আহিছে।

২৪ মার্চৰ পৰা আৰম্ভ হোৱা সর্বাত্মক লকডাউনত বিঘ্নিত ৰাজ‍্যৰ ৰাজহুৱা পৰিবহন ব‍্যৱস্থা। চৰকাৰৰ সীমাবদ্ধ চৰকাৰী পৰিবহন ব‍্যৱস্থা ক’ৰোনা ৰোগী, চিকিৎসক-নার্ছ, কোৱাৰেণ্টাইন জ’ন আদিক লৈয়ে ব‍্যস্ত। মাজতে ব‍্যক্তিগত খণ্ডৰ ব‍্যৱসায়িক পৰিবহন ব‍্যৱস্থাসমূহ চৰকাৰে খুলি দিয়ে যদিও বাহনসমূহত বান্ধি দিয়া যাত্ৰীৰ সীমাবদ্ধতাৰ পৰণতিত আজি পর্যন্ত ৰাজ‍্যখনত ৰাজহুৱা পৰিবহন যোগাযোগ ব‍্যৱস্থা সুচল হৈ উঠা নাই। তিনি মাহৰো অধিক দিন এনেদৰে ৰাজ‍্যত ৰাজহুৱা পৰিবহন ব‍্যৱস্থা সম্পূর্ণৰূপে বন্ধ হৈ থকাৰ বাবে শেহতীয়াকৈ ৰাজ‍্যখনৰ মুঠ ১৩,৩৬৮ গৰাকী এইছ আই ভি পজিটিভৰ জীৱনলৈ ভয়ংকৰ পৰিস্থিত নামি আহিছে। ৰাজহুৱা পৰিবহন ব‍্যৱস্থা সম্পূর্ণৰূপে বন্ধ হৈ পৰাৰ পৰিণতিত ৰাজ‍্যখনৰ বিভিন্ন প্ৰান্তৰৰ এইছ আই ভি পজিটিভ লোকসকল নিজৰ ঔষধ সংগ্ৰহৰ বাবে নিজৰ নিজৰ চিভিল হাস্পতাললৈ যাব পৰা নাই। ইফালে, চিভিল হাস্পতালসমূহত প্ৰদান কৰা এই ঔষধ কিনিবলৈ পোৱা নাযায় কোনো ক্লিনিক, ফার্মাচীত। পৰিণতিত ৰাজ‍্যৰ মুঠ ১৩,৩৬৮ গৰাকী এইছ আই ভি পজিটিভৰ গৰিষ্ঠসংখ‍্যকেই বিগত তিনিমাহ ধৰি নিজৰ নিজৰ ঔষধ সংগ্ৰহ কৰা আৰু ঔষধ সেৱনৰ পৰা বঞ্চিত হ’ব লগা হৈছে। চিকিৎসা বিজ্ঞানৰ ভাষ‍্যমতেই, এইছ আই ভি পজিটিভসকলে নিয়মীয়াকৈ ঔষধ সেৱন কৰা উচিত। অনিয়মীয়া ঔষধ সেৱনৰ ফলত এইছ আই ভি পজিটিভ শৰীৰত ভাইৰাছৰ সংখ‍্যা তড়িৎ গতিত বৃদ্ধি পায় আৰু ইয়ে ৰোগীক বিপজ্জনক অৱস্থালৈ লৈ যাব পাৰে।

সর্বোপৰি, এইচ আই ভি পজিটিভৰ প্ৰধান লক্ষণটোৱেই হ’ল ৰোগীৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যোৱা। দেশব‍্যাপি মহামাৰী ক’ভিড-১৯ৰ ভয়ংকৰ সংক্ৰমণৰ বেলিকা একমাত্ৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম বাবেই ৮ বছৰৰ তলৰ শিশু আৰু ৬০ বছৰ বয়সৰ ওপৰৰ লোকসকলক ঘৰৰ বাহিৰ নোলাবলৈ বাৰম্বাৰ চৰকাৰীভাৱে জাননী জাৰি কৰা হৈছে। সমান্তৰালভাৱে একেই ৰোগ প্ৰতিৰোধ ক্ষমতা কম থকা এইছ আই ভি পজিটিভ লোকসকলৰ মাহেকৰ ঔষধ সংগ্ৰহ কৰিবলৈ জিলাৰ চিভিল হাস্পতালসমূহলৈ কৰা অতিশয় বিপজ্জনক যাত্ৰা বাধা দিয়াৰো প্ৰয়োজন হৈছে। ক’ৰোনা মহামাৰীৰ বিভীষিকা অন্ত নপৰা পর্যন্ত ৰাজ‍্যখনৰ এইছ আই ভি পজিটিভসকলক তেওঁলোকৰ মাহেকৰ ঔষধ ঘৰে ঘৰে প্ৰদানৰ ব‍্যৱস্থা চৰকাৰে কৰিব নোৱৰাৰো কাৰণ হয়তো নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Health Department assamHIVNHM
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?
বিবিধ

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

January 10, 2026
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?
জীৱনশৈলী

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

January 5, 2026
৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান
অসম

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

December 22, 2025
নীলা হালধি খায় প্ৰিয়ংকা গান্ধীয়ে, প্ৰধানমন্ত্ৰী মোদীয়েও সুধিবলৈ বাধ্য ইয়াৰ উপকাৰিতা
জীৱনশৈলী

নীলা হালধি খায় প্ৰিয়ংকা গান্ধীয়ে, প্ৰধানমন্ত্ৰী মোদীয়েও সুধিবলৈ বাধ্য ইয়াৰ উপকাৰিতা

December 21, 2025
Next Post
ৰাজপথত প্ৰতিবাদ নহয়, পথাৰত কৃষিকৰ্মত ব্যস্ত ছাত্ৰ সন্থাৰ কৰ্মী

ৰাজপথত প্ৰতিবাদ নহয়, পথাৰত কৃষিকৰ্মত ব্যস্ত ছাত্ৰ সন্থাৰ কৰ্মী

সোণোৱাল চৰকাৰৰ উদ্যোগ নীতিৰ বিৰুদ্ধে গৰজি উঠিল সাংসদ অজিত কুমাৰ ভূঞা

সোণোৱাল চৰকাৰৰ উদ্যোগ নীতিৰ বিৰুদ্ধে গৰজি উঠিল সাংসদ অজিত কুমাৰ ভূঞা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.