অসম লাইভ২৪ঃ সুখো দুখ হৈ আহে! এই সুখে আনন্দৰ সলনি বোৱাইছে চকুলো৷ এই সুখ কাৰ সৈতে ভগাই ল’ব? হায়াৰ ছেকেণ্ডাৰীত পুত্ৰৰ সফলতাৰ খবৰ লাভ কৰি ভাঙি পৰিছে এজন পিতৃ৷ পুত্ৰই ৫টা বিষয়ত লেটাৰসহ ৮৮ শতাংশ নম্বৰ লাভ কৰি সুখ্যাতিয়ে পাছ কৰিছে৷ কিন্তু এই সুখবৰত আনন্দিত হ’বলৈ এই পৃথিৱীত নাই ৰমেন বিশ্বাস৷
৪দিন পূৰ্বে এই পৃথিৱীক অকালতে বিদায় দিলে ৰমেন বিশ্বাসে৷ বিগত চাৰিদিন পূৰ্বে নগাঁৱৰ পানীখাইতীত এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে কৃতি ছাত্ৰজনে৷ কঠিয়াতলীৰ নিৱাসী নাৰায়ণ চৰকাৰ আৰু অনুপমা চৰকাৰৰ পুত্ৰ আছিল ৰমেন৷ ৰমেনে বিজ্ঞান শাখাত ৫টা বিষয়ত লেটাৰ মাৰ্কসহ ৮৮ শতাংশ নম্বৰ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ এই গৌৰৱেৰে গৌৰৱাম্বিত হ’বলৈ ৰমেন এই পৃথিৱীত নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ