জম্মু-কাশ্মীৰৰ পুঞ্চত শত্ৰুৰ গোপনস্থলী ধ্বংস, উদ্ধাৰ হৈছে আই ই ডি আৰু অন্যান্য সামগ্ৰী
জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত নিৰাপত্তা বাহিনীয়ে এটা সন্ত্ৰাসবাদী আত্মগোপন স্থান ধ্বংস কৰে। জিলাখনৰ সুৰংকোট ছেক্টৰৰ হৰি মাৰোতে গাঁৱত এই সন্ত্ৰাসবাদী আত্মগোপন স্থান আৱিষ্কাৰ কৰে নিৰাপত্তা বাহিনীয়ে।
দেওবাৰে গভীৰ নিশা সেনা, আৰক্ষী আৰু এছ অ’ জিকে ধৰি নিৰাপত্তা বাহিনীয়ে যৌথ অনুসন্ধান অভিযানত ধৰা পৰে আৰু তাৰ পৰা পাঁচটা আই ই ডি, বেতাঁৰ চেট আৰু কিছু কাপোৰ উদ্ধাৰ কৰে।
ভাৰতীয় সেনাবাহিনীৰ ৰাষ্ট্ৰীয় ৰাইফলছ (আৰ আৰ), পেৰা কমাণ্ডো ইউনিট আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যৌথভাৱে চলোৱা এক অনুসন্ধান অভিযানৰ সময়ত পাকিস্তানী সন্ত্ৰাসবাদীৰ এটা অত্যাধুনিক আত্মগোপনস্থলী ধৰা পৰে৷
প্ৰায় ছয় ফুট দ আৰু আঠ ফুট বহল এই মাটিৰ তলৰ গাঁতটোত সন্ত্ৰাসবাদীয়ে দীৰ্ঘদিনীয়া আত্মগোপনৰ ব্যৱস্থা কৰিছিল। এই ঠাইত সন্ত্ৰাসবাদীয়ে মজুত কৰিছিল গেছ চিলিণ্ডাৰ, সৌৰ লাইট, অস্ত্ৰ-শস্ত্ৰ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















