অসম লাইভ ২৪ঃ নেপালৰ সেই বিতর্কিত মানচিত্ৰ আৰু তাৰ পৰাই আৰম্ভ হৈছিল ভাৰত আৰু নেপালৰ মাজত সংঘাত। কিন্তু নেপালে লাহে লাহে আৰু বহু সমস্যাৰ সৃষ্টি কৰিছে ভাৰতৰ ওপৰত। ভাৰতৰ তিনিটা স্থানক নেপালৰ বুলি দাবী কৰিছে আৰু বিহাৰলৈ লক্ষ্য কৰি গুলী চালনা কৰে। য’ত বহু মানুহৰ মৃত্যু হৈছে। এইদৰে এটাৰ পাছত বে-আইনী কাম কৰি গৈছে নেপালে। এইবাৰ ভাৰত-নেপাল সীমান্তত বিহাৰৰ বাল্মীকি টাইগাৰ ৰিজার্ভৰ কাষত ৪ আগষ্টৰ পৰা হেলিপেড নির্মাণৰ কাম আৰম্ভ কৰিছে নেপালে।এই কার্যত ভাৰতে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। নেপালৰ এই বে-আইনী কাম কোনোপধ্যে মানি লোৱা নহ’ব। ইয়াৰ বাবে সীমান্তত নিৰাপত্তা বৃদ্ধি কৰা হৈছে। দিল্লীত সাব্যস্ত হৈছে প্ৰতিবাদ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ