অসম লাইভ ২৪ঃ মংগলবাৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেট৷
কোভিড মহামাৰীৰ দ্বাৰা বিধ্বস্ত দেশৰ অৰ্থনীতিক বিত্ত মন্ত্ৰী সীতাৰমণৰ বাজেটে কেনেকৈ সকাহ প্ৰদান কৰে সেয়া লক্ষণীয় হ’ব৷
কিন্তু বাজেট দাখিলৰ পূৰ্বে সংবাদ সংস্থা ৰয়টাৰৰ এক প্ৰতিবেদনত কোৱা হৈছে দেশৰ অৰ্থনৈতিক বিকাশ আনুমানিক অৰ্থনৈতিক বিকাশতকৈ হ্ৰাসহে পাইছে৷
ৰয়টাৰৰ প্ৰতিবেদনখনত ২০২২-২৩ বিত্তীয় বৰ্ষৰ অৰ্থনৈতিক বিকাশৰ হাৰ ৮% ৰপৰা ৮.৫% হ’ব বুলি পূৰ্বানুমান কৰা হৈছে৷
উল্লেখ্য যে চলিত বিত্তীয় বৰ্ষৰ আনুমানিক অৰ্থনৈতিক বিকাশ ৯.২% ধাৰ্য কৰা হৈছিল৷ সোমবাৰে ৰয়টাৰ-এ বাৰ্ষিক অৰ্থনৈতিক সমীক্ষাৰে প্ৰকাশ কৰিছে যে পূৰ্বানুমানিক বৃদ্ধিতকৈ দেশৰ অৰ্থনৈতিক হাৰ ৯.২% ৰপৰা ৮.৫% লৈ হ্ৰাস পাইছে৷
বিত্ত মন্ত্ৰী সীতাৰমণে মংগলবাৰে সংসদত উত্থাপন কৰিবলগীয়া বাৰ্ষিক বাজেটৰ এক প্ৰতিবেদনত কোৱা হৈছে যে সকলো মাক্ৰ’ ইণ্ডিকেটৰে অৰ্থনীতি প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ কৃষি আৰু ঔদ্যোগিক উৎপাদনৰ বৃদ্ধিত সহায় কৰিছিল৷
ৰয়টাৰৰ প্ৰতিবেদনত প্ৰকাশ পোৱাৰ দৰে দেশৰ চলিত বিত্তীয় বৰ্ষৰ অৰ্থনৈতিক বিকাশ ৮.৫ শতাংশই হয় নে তাতকৈ নিম্নগামী অথবা উদ্ধগামী হয় সেয়া বিত্ত মন্ত্ৰীয়ে মংগলবাৰে সংসদত বাজেট দাখিল কৰাৰ পিছতহে স্পষ্ট হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















