অসম লাইভ২৪ঃ ভাৰত হিন্দু ৰাষ্ট্ৰই কেৱল আনুষ্ঠানিক ঘোষণাহে বাকী আছে। অসমলৈ আহিয়েই এক সাক্ষাৎকাৰত এই মন্তব্য কৰিছে বাঘেশ্বৰ বাবাই। মধ্য প্ৰদেশৰ বাবা বাঘেশ্বৰে কালি শক্তিপীঠ কামাখ্যাত উপস্থিত হৈছিল। বাঘেশ্বৰ বাবাই ভ্ৰমণকালত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো সাক্ষাৎ কৰে।
মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ পিছতেই তেওঁ কয়, ‘মই মা কামাখ্যা আশিষ ল’বলৈ আহিছিলো। সাধুৱেনো অইন কি আলোচনা কৰিব? মই ৰাজনীতিবিদো নহয়। সকলোৰে মংগল কামনা কৰাৰ লগতে অসমৰ আৰু মংগল হওক তাৰেই কামনা কৰিছো।’ ইয়াৰোপৰি বাবা বাঘেশ্বয়ে কয়, অসমৰ মুখ্যমন্ত্ৰীগৰাকী এজন হিন্দু সিংহ। ভাৰতো এখন হিন্দু ৰাষ্ট্ৰই। ঘোষণাহো কৰিবলৈ বাকী আছে। এই সংক্ৰান্তত দুবিধা ৰাখিবই নালাগে। যিয়েই সনাতনী হিন্দুৰ হৈ মাত মাতে তেওঁলোক একো একোজন সিংহই।’
আনহাতে অচিৰেই পুনৰ অসমলৈ আহিব বুলিও মন্তব্যত প্ৰকাশ কৰে বাঘেশ্বৰ বাবা খ্যাত ধীৰেন্দ্ৰনাথ শাস্ত্ৰীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ