মোটা অংকৰ ধন নাথাকিলে বিনিয়োগ কৰিব নোৱাৰি বুলি এটা ভুল ধাৰণা বহুতৰেই মনত আছে৷ বহু স্কিম আছে য’ত মাত্ৰ ১০০, ২৫০ বা ৫০০ টকা দিয়েই বিনিয়োগ কৰিব পাৰিব৷ যেনে পিপিএফ, এছ আই পি, সুকন্যা সমৃদ্ধি যোজনা আৰু ৰেকাৰিং ডিপোজিট৷ এই ৪টা স্কিমত প্ৰতিমাহে মাত্ৰ ৫০০ টকা বিনিয়োগ কৰিয়েই মোটা ৰিটাৰ্ণ পোৱা সম্ভৱ৷
বেছিভাগ স্কিমত এতিয়া চক্ৰবৃদ্ধি সুদৰ সুবিধা পোৱা যায়৷ চিধা কথাত কমপাউণ্ডিং৷ বিনিয়োগ য’ত দীৰ্ঘম্যাদি হ’ব তাতেই লাভ৷ অৰ্থাৎ তাতেই বেছি ধন পাব৷ পি পি এফ, এছ আই পি, সুকন্যা সমৃদ্ধি যোজনা আৰু ৰেকাৰিং ডিপজিটত প্ৰতি মাহে ৫০০ টকা বিনিয়োগ কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক সবিশেষ৷
SIP ত বিনিয়োগ
SIPৰ মাধ্যমেৰে মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰা হয়৷ এয়া বজাৰৰ সৈতে যুক্ত৷ ফলত বজাৰৰ উঠা নমাৰ সৈতে এই বিষয়টো যুক্ত হৈ আছে৷ বিগত কেইবাবছৰ ধৰি SIPয়ে ভাল ৰিটাৰ্ণ দি আছে৷ সেয়ে ইয়াৰ জনপ্ৰিয়তাও বাঢ়িছে৷ আৰ্থিক বিশেষজ্ঞসকলৰ মতে দীৰ্ঘম্যাদি SIPৰ পৰা ১২ শতাংশ হাৰত ৰিটাৰ্ণ পোৱা যায়৷ সামৰ্থ্য অনুসৰি বিনিয়োগৰ পৰিমাণ বঢ়োৱাৰ সুবিঝধাও আছে৷ এইক্ষেত্ৰত মুনাফাও বাঢ়িব৷ যিহওক ১২শতাংশ ৰিটাৰ্ণৰ হাৰত যদি কোনোৱে প্ৰতি মাহে ৫০০ টকাৰ SIP কৰে তেন্তে ১৫ বছৰ পাছত ২, ৫২, ২৮৮ টকা ৰিটাৰ্ণ পাব৷ ২০ বছৰত মেচিউৰিটিৰ পৰিমাণ হ’ব ৪,৯৯,৫৭৪টকা৷
PPFত বিনিয়োগ
যিসকলে নিৰাপদ বিনিয়োগ বিচাৰিছে তেওঁলোকৰ বাবে পাব্লিক প্ৰভিডেণ্ট ফাণ্ড বা PPFআদৰ্শ চৰকাৰী স্কিম৷ প্ৰতিবছৰ নূন্যতম ৫০০ টকা বিনিয়োগ বাধ্যতামূলক৷ ইয়াৰ ম্যাদ ১৫ বছৰ৷ বৰ্তমান ৭.১ শতাংশ হাৰত সুদ পোৱা যায় এই বিনিয়োগত৷ কমপাউণ্ডিঙৰ সুবিধাও পাব৷ এই স্কিমত প্ৰতিমাহে ৫ হাজাৰ টকা বিনিয়োগ কৰিলে বছৰত মুঠ বিনিয়োগৰ পৰিমাণ হ’ব ৬ হাজাৰ টকা৷ এইদৰে ১৫ বছৰত তেওঁ সুদ আৰু মূল মিলাই পাব ১,৬২,২৭৮ টকা ৰিটাৰ্ণ৷ ২০ বছৰত মেচিউৰিটিৰ পৰিমাণ হ’ব ২,৬৬,৩৩২ টকা৷
সুকন্যা সমৃদ্ধি যোজনা
কন্যা সন্তানৰ ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ সুকন্যা সমৃদ্ধি যোজনা স্কিম আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ বছৰত নূন্যতম ২৫০ টকা আৰু সৰ্বোচ্চ ১.৫ লাখ টকা বিনিয়োগ কৰিব পাৰি৷ বৰ্তমান এই স্কিমত ৮.২শতাংশ হাৰত সুদ পাব৷ ১৫ বছৰ বিনিয়োগ কৰিব লাগিব৷ ২১ বছৰত মেচিউৰিটিৰ টকা পাব৷ এতিয়া কোনোৱে যদি প্ৰতি মাহে ৫০০ টকা বিনিয়োগ কৰে, তেন্তে ১৫ বছৰত মুঠ বিনিয়োগৰ পৰিমাণ হ’ব ৯০ হাজাৰ টকা৷ ইয়াৰপাছত ২১ বছৰ পৰ্যন্ত আৰু বিনিয়োগ কৰিব নালাগে৷ মেচিউৰিটিত তেওঁ পাব ২,৭৭,১০৩টকা৷
ৰেকাৰিং ডিপজিট
পষ্ট অফিচৰ ৰেকাৰিং ডিপজিটৰ ম্যাদ ৫ বছৰ৷ সুদৰ হাৰ ৬.৫ শতাংশ৷ নূন্যতম ১০০ টকা দি আৰ ডি একাউণ্ট খুলিব পাৰে৷ কোনোৱে যদি প্ৰতিমাহে ৫০০ টকা বিনিয়োগ কৰে তেন্তে এবছৰত ৬ হাজাৰ টকা আৰু ৫বছৰ মুঠ বিনিয়োগৰ পৰিমাণ হ’ব ৩০০০০ টকা৷ ইয়াৰ ওপৰত সুদৰ পৰা আয় হ’ব ৫,৬৮১ টকা৷ তেন্তে সুদ আৰু নিজৰ জমা মিলি ৩৫,৬৮১টকা ৰিটাৰ্ণ পাব আপুনি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















