• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘বুলু ফিল্ম’ চমৎকাৰ সৃষ্টিৰ নিষ্ফল প্ৰয়াস নেকি?

‘বুলু ফিল্ম’ চমৎকাৰ সৃষ্টিৰ নিষ্ফল প্ৰয়াস নেকি?

4 years ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

19 minutes ago
কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

48 minutes ago
LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

1 hour ago
কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

2 hours ago
Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

3 hours ago
২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

3 hours ago
ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

4 hours ago
Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

5 hours ago
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

13 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

14 hours ago
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

16 hours ago
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

‘বুলু ফিল্ম’ চমৎকাৰ সৃষ্টিৰ নিষ্ফল প্ৰয়াস নেকি?

editor by editor
September 16, 2022
in অসম, চিনেমা
0
‘বুলু ফিল্ম’ চমৎকাৰ সৃষ্টিৰ নিষ্ফল প্ৰয়াস নেকি?
0
SHARES
10.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰিমলী বৰকটকীঃ  নামটিৰ বিষয়ে বা চিনেমাখনৰ বিষয়ে নিশ্চয়কৈ অসমৰ ৰাইজক এতিয়া আৰু ন-কৈ জনোৱাৰ প্ৰয়োজন নাই। কাৰণ মুক্তিৰ পূৰ্বেই একমাত্ৰ চিনেমাখনৰ নাম আৰু প’ষ্টাৰ দেখিয়েই চিনেমাখনক লৈ অধিকাংশ দৰ্শকৰ উৎকন্ঠা বৃদ্ধি পাইছিল। আৰু মুক্তিৰ পিছত ইতিমধ্যেই ছ’চিয়েল মিডিয়াতো চিনেমাখনক কেন্দ্ৰ কৰি যথেষ্ট বাদানুবাদ আৰু বিতৰ্কৰ সৃষ্টি হোৱাও দেখা গৈছে।

এইখিনিতেই ক’ব লাগিব যে, একেষাৰতেই চিনেমাৰ পৰিচালক বা নামদাতা সফল। কাৰণ এনেদৰে চিনেমাৰ নামটিৰ মাধ্যমেৰেই চিনেমাখনক এক বৃহৎ চৰ্চাৰ মাজলৈ আনিব পৰাকৈয়েই আৰু সেই অনুসৰি উৎকণ্ঠিত দৰ্শকক ছবিগৃহলৈ টানি আনিব পৰাকৈ, অৰ্থাৎ ব্যৱসায়িক মুনাফা লাভ কৰিব খুজাৰ লক্ষ্য-উদ্দেশ্য সফল। কাৰণ বুলু ফিল্ম বুলিলেই সকলোৰে মনত এক নিষিদ্ধ অনুভূতি জাগ্ৰত হয়! প্ৰচলিত সমাজ-ব্যৱস্থাই লুকুৱাই ৰাখিব বিচৰা কথাটিক এনেদৰে মুক্তভাৱে প্ৰকাশ কৰিলে উৎসুকতা বৃদ্ধি পোৱাটো তেনেই স্বাভাৱিক। প্ৰচাৰৰ বাবে আন একোৰেই প্ৰয়োজন অৱশ্যেই নেথাকে।

কাৰণ অতীজৰে পৰাই প্ৰতি সমাজ-ব্যৱস্থাই নিষিদ্ধ (forebidden) বুলি গণ্য কৰা বিষয়ক লৈ যিবোৰ ছবি নিৰ্মাণ হৈছে— সেই ছবিবোৰ আন নহ’লেও ক্ষণিকৰ এক দেহজ উত্তেজনাৰ বাবেই চাবলৈ বিচৰা দৰ্শকৰ সংখ্যাত কাহানিও অভাৱ ঘটা নাই। হয়, অভিনেতা, পৰিচালক হিমাংশু প্ৰসাদ দাসৰ নৱতম ছবি বুলু ফিল্মৰ কথাই কৈছো। যোৱা ৯ ছেপ্তেম্বৰত মুক্তিলাভ কৰা ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্য মহৰ্ষি তুহিন কাশ্যপ, চাংকু নিৰঞ্জন দাস আৰু হিমাংশু প্ৰসাদ দাসৰ। চিনেমাখন বৰ্তমান অসমৰ ভিন্ন চিত্ৰগৃহত চলি আছে।

লগতে পঢ়ক এল’ন মাস্কৰ প্ৰেমৰ চিঠি আৰু উপহাৰ নিলাম প্ৰাক্তন প্ৰেমিকাৰ, দাম উঠিল কিমান জানেনে?

এতিয়া আহো চিনেমাৰ বিষয়বস্তুৰ মাজলৈ। ‘অভাৱত স্বভাৱ নষ্ট হয়’ -মূলতঃ চিনেমাখনৰ কাহিনী বা বিষয়বস্তুৰ মূল বাৰ্তা এইটোৱেই বুলি কাহিনীকাৰে ক’বলৈ চেষ্টা কৰিছে। ক’ভিড অতিমাৰীৰ আৰম্ভণিৰ সমান্তৰালকৈ অহা লকডাউনে স্বাভাৱিক জীৱনযাত্ৰাত ব্যাঘাত জন্মোৱাৰ লগতে সমগ্ৰ বিশ্বজুৰি যি আৰ্থিক মণ্ডাৱস্থাৰ সৃষ্টি কৰিছিলে৷ তাৰে এক ৰূপ দেকুওৱাবলৈ চেষ্টা কৰা হৈছে বুলু ফিল্মত। তিনি প্ৰায় কৰ্মহীন হৈ পৰা বন্ধুৰ এই ধন উপাৰ্জনৰ ভিন্ন বেঁ‌কা বাটবোৰৰ যাত্ৰাক লৈয়েই ছবিখনৰ আৰম্ভণি তথা কাহিনীৰ গতি।

আৰম্ভণিৰে পৰাই কাহিনীৰ মুখ্য বিষয়- ‘অভাৱ’ৰ যিখন ছবি দৰ্শকৰ মনত ক্ৰিয়া কৰিব পৰাকৈ তুলি ধৰিব লাগিছিলে, তাৰ কোনোধৰণৰ উপাদান দেখা নগ’ল। খুব গতানুগতিক কিছু ঘটনা, চৰিত্ৰ আৰু পৰিস্থিতিৰ অৱতাৰণা ঘটোৱা হৈছে, যিয়ে চিনেমাৰ পৰৱৰ্তী অংশত কি হ’ব তাক লৈ কোনো কৌতূহল দিবলৈ সক্ষম নহয়। খুব নিস্তেজ গতিত আগবঢ়া কাহিনীত জোৰকৈ দিবলৈ চেষ্টা কৰা হাস্যৰস আৰু আৰু কাহিনী বা পৰিস্থিতিৰ দাবী নকৰাকৈয়ো অতি তৰল ৰূপত উপস্থাপন কৰা যৌন-সংগমৰ দৃশ্যাংশই ছবিখনৰ প্ৰতি আগ্ৰহ আৰু কমাই আনিছিলে।

লগতে পঢ়ক লাভ জেহাদ! ভুৱা পৰিচয়েৰে হিন্দু যুৱতীৰে বিবাহ মুছলমান যুৱকৰ! তাৰ পাছত হ’ল কি?

যৌন-সংগমক অলেখ-অজস্ৰ চিনেমাত দৃশ্যায়ন কৰা হৈছে। তাৰে কিছুত কাহিনীৰ দাবীত আৰু আন কিছুত দৰ্শকক এক সস্তীয়া সুৰসুৰণিৰ অনুভৱ দিবলৈ দৃশ্যায়ন কৰা হয়। বুলু ফিল্মত দ্বিতীয়টো কাৰণতেই প্ৰথমাৰ্দ্ধত তাৎক্ষণিকভাৱে এই দৃশ্যাংশৰ উপস্থাপন কৰা হ’ল। যৌনগন্ধী প্ৰতি দৃশ্যতেই ছবিগৃহৰ অধিকাংশ পুৰুষ দৰ্শকৰ টিটকাৰিতেই এই দৃশ্যাংশৰ সাফল্য সীমিত।  অপ্ৰয়োজনীয়ভাৱে বহু সময়ত সংলাপৰ ব্যৱহাৰ হৈছে, তথা কাহিনী আৰু চিত্ৰনাট্যৰ এক সু-সংৰচিত গতি বা দিশৰ অভাৱ দেখা গ’ল। লগতেই এখন চলচ্চিত্ৰত যি ‘চিনেমেটিক ট্ৰিটমেন্ট’ থাকিব লাগে, সেই ট্ৰিটমেন্টৰ সম্পূৰ্ণ অভাৱ পৰিলক্ষিত হ’ল। অৱশ্যে স্থানীয় ভাষাৰ প্ৰয়োগ ভাল, কেমেৰাৰ কাম বহু সময়ত যথেষ্ট ভাল। অভিনয়ৰ দিশত নাম ল’ব লাগিব কম সংলাপ আৰু চকু-মুখৰ ভাষাৰে অধিক কথা প্ৰকাশ কৰা অপূৰ্ব বৰ্মন আৰু প্ৰণামী বৰাৰ পৰিপক্ক অভিনয়ৰ কথা।

শেষত একপ্ৰকাৰ প্ৰত্যাশিত আৰু দৰ্শকক এই অন্তৰ যোগেদিয়েই এক জোকাৰণি দিবলৈ চেষ্টা কৰা হৈছে যদিও এই অন্তক গ্ৰহণযোগ্যতা দিব পৰা নেযায়। কাৰণ, সমগ্ৰ চিনেমাজুৰি নাৰীক, প্ৰধানতঃ দেহ ব্যৱসায় কৰা দুই নাৰীক যি তিনিজনে অহৰহ বস্তুনিষ্ঠ (Objectify) জ্ঞান আৰু ব্যৱহাৰ কৰি থাকিলে, বুলুৰ ভাৱলেশহীনতা দেখি তেওঁ‌লোকৰ তাৎক্ষণিকভাৱে মানসিকতাৰ পৰিৱৰ্তন আৰু জাগ্ৰত হৈ উঠা মানৱীয়তা-এই দুয়োটি কথাই অতি দৃষ্টিকটু। এক কথাত ক’বলৈ গ’লে মূল বাৰ্তাটি দিবৰ বাবে কৰা চেষ্টা(?) সম্পূৰ্ণৰূপে বিফল। এনেধৰণৰ চিনেমাই কলাত্মক দিশত কিবা অৰিহণা যোগাব পাৰিব বুলি ক’ব পৰা নেযায়।

লেখিকাৰ মেইল- rimli.borkotoky1985@gmail.com

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamBulu Film
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?
অসম

বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

March 19, 2026
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য
বিনোদন

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

March 18, 2026
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ
অসম

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

March 18, 2026
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?
অসম

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

March 15, 2026 - Updated on March 16, 2026
Next Post
বিয়াৰ পূৰ্বে স্বামী আছিল নাৰী! বিবাহৰ ৮ বছৰৰ পাছত লিংগ পৰিৱৰ্তন! তাৰ পিছত কি হ’ল?

বিয়াৰ পূৰ্বে স্বামী আছিল নাৰী! বিবাহৰ ৮ বছৰৰ পাছত লিংগ পৰিৱৰ্তন! তাৰ পিছত কি হ’ল?

শিক্ষকৰ প্ৰেমত উন্মাদ ছাত্ৰী! শিক্ষকৰ সৈতে পলায়ন কৰিবলৈ গৈ ঘটিল কি? জানিবলৈ চাওক…

শিক্ষকৰ প্ৰেমত উন্মাদ ছাত্ৰী! শিক্ষকৰ সৈতে পলায়ন কৰিবলৈ গৈ ঘটিল কি? জানিবলৈ চাওক…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.