অসম লাইভ২৪ঃ ২০২৪ ত অনুষ্ঠিত লোকসভা নিৰ্বাচন। ইতিমধ্যে নিৰ্বাচনী কুচ-কাৱাজ আৰম্ভ কৰিছে শাসকীয় দল বিজেপি, বিৰোধী দল কংগ্ৰেছৰ লগতে অন্যান্য আঞ্চলিক আৰু ৰাষ্ট্ৰীয় দলসমূহে।
নিৰ্বাচনলৈ মাজত এবছৰ বাকী থকা অৱস্থাত শাসকীয় দল বিজেপিয়েই লোকসভা নিৰ্বাচনৰ জৰিয়তে পুনৰবাৰ শাসনৰ গাদী দখল কৰাৰ ভৱিষ্যতবাণী কৰিছে কালচক্ৰ পূৰ্ণাংগ পঞ্জিকাই। মঙলবাৰে উন্মোচন কৰা পঞ্জীকাখনত উল্লেখ থকা অনুসৰি লোকসভা নিৰ্বাচনত অসমত বৃদ্ধি পাব বিজেপিৰ ভোটাৰৰ সংখ্যা।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বলিষ্ঠ ভূমিকা থাকিব দেশৰ ৰাজনীতত। বিজেপিৰ কাৰণে ভাল দিন যদিও ভাৰত আৰু অসমৰ বাবে কিছু বেয়া দিশ আছে বুলিও কালচক্ৰ পঞ্জিকাখনত প্ৰকাশ পাইছে।
ভাৰতত সাম্প্ৰদায়িক সংঘৰ্ষ বৃদ্ধি পাব, ভাৰতৰ বন্ধু ৰাষ্ট্ৰৰ সৈতে মনোমানিল্য ঘটিব, লগতে চীন-পাকিস্তান একত্ৰিত হৈ ভাৰতক আক্ৰমণ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ বিপৰীতে অসমত বানপানীয়ে ভয়ংকৰ ৰূপ ল’ব, চৰকাৰ-আলফাৰ আলোচনাৰ সমাধান নহ’ব বুলিও জনাইছে কালচক্ৰ পঞ্জিকাই। অসম প্ৰগতিৰ পথত আগবাঢ়ি যোৱাৰ কথা উল্লেখ আছে পঞ্জিকাখনত। গৃহ বিভাগৰ উদ্যম একেই থাকিব। মুখ্যমন্ত্ৰীয়ে নিজৰ গতি অব্যাহত ৰাখিব বুলিও কালচক্ৰ পঞ্জিকাত প্ৰকাশ হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ