অসম লাইভ২৪ঃ ৰণবীৰ কাপুৰৰ পাছত এইবাৰ কপিল শৰ্মা, হুমা কুৰেছিক তলব ইডিৰ। অনলাইন বেটিং এপ ইউজ কৰিয়েই ইডিৰ ৰোষত পৰিছে এইসকল বলীউড তাৰকা। অভিযোগ অনুসৰি অনলাইন জুৱাৰ প্ৰমোছনো কৰিছে এইসকল বলীউড তাৰকাই। ইয়াৰোপৰি বেটিং এপৰ প্ৰচাৰৰ বাবে ধনো লৈছিল এইকেইগৰাকী অভিনেতাই। বলীউডৰ জনপ্ৰিয় অভিনেতাক তলব কৰাৰ পাছতেই সমগ্ৰতে চলিছে চৰ্চা।
সূত্ৰৰ খবৰ অনুসৰি EDৰ দৃষ্টিত আছে কেইবাগৰাকীও বলীউড তাৰকা। উদ্যোগপতিসহ মুঠ ১০০ জন লোক এতিয়া ইডিৰ নজৰত। আটাইকেইগৰাকীৰ বিৰুদ্ধেই আছে আৰ্থিক লেনদেনৰ গুৰুতৰ অভিযোগ। ED সূত্ৰৰ খবৰ অনুসৰি ছত্তিছগড়ৰ বাসিন্দা সৌৰভ চন্দ্ৰকৰাৰ, ৰবী ওপ্পল ডুবাইকে ধৰি কেইবাজনো অভিনেতাই এই অনলাইন জুৱাত অভ্যস্ত। কপিল শৰ্মা, হীনা খান, হুমা কুৰেছি, টইগাৰ শ্ৰফ, ছানি লিওনি, নেহা কক্কৰ, আতিফ আছলাম, ৰাহত ফতে আলি খান, আলি আছগৰ, বিশাল দাদলানী, এল্লি এভৰম, ভাগ্যশ্ৰী, কৃতী খাৰবান্দা, নুচৰত ভাৰুছা, কৃষ্ণা অভিষেক আৰু সুখবিন্দৰ সিঙ এতিয়া ইডিৰ নজৰত। আটাইকেইগৰাকী অভিনেতাকেই চমন পঠিয়াইছে ইডিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ